ভালপাঁও তোমাক

©Admin
0

     
ভাল পাওঁ তোমাক
কিমান ভাল পাওঁ হনুমানৰ দৰে বুকু ফালি দেখোৱাব নোৱাৰো।

অভিনয় কৰিছো বুলি নাভাবিবা।
ভাল পোৱাৰ অভিনয় কৰিব নাজানো মই।
দুদিনীয়া প্ৰেমৰ ভাও যোৰা নাই মই।
নাজানো মই দুদিনীয়া প্ৰেমৰ ভাও জুৰিবলৈ।

দুদিনীয়া প্ৰেমৰ অভিনয় কৰি তুমি আঁতৰি নাযাবা
মই সহিব নোৱাৰিম 

দুদিনীয়া মৰম দি আঁতৰি নাযাবা তুমি
মই জীয়াই থাকিব নোৱাৰিম।

যদি তুমি মোক এৰি দুখী হোৱাৰ অভিনয় কৰি দুদিন পাছত সুখী হোৱা 
মই দুখ নকৰোঁ

কিন্তু তুমি এদিন কান্দিবা,যি দিনা তোমাক মোৰ সচাঁ মৰমে বৰ বেয়া কৈ আমনি কৰিব।

আৰু সপোনত মোৰ মৰমে তোমাক সুধিব?
অ' মোৰ কলিজাটো,মোৰ কলিজাৰ টুকুৰাটো সুখী নে তুমি।

তেতিয়া তুমি বৰ বেয়া কৈ কান্দিবা।
মোৰ স্মৃতিয়ে তোমাক বৰ বেয়া কৈ কন্দোৱাব।

  📝দ্বীপ দীপাঙ্কৰ লাহন।
      বিশ্বনাথ~গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)