পৃথিৱীৰ নিয়ম

©Admin
0
পৃথিৱীখন বৰ আকোৰগােজ
পৃথিৱীয়ে তোমাক একোৱেই নিদিয়ে 
সকলোখিনি  তেওঁৰেই ।
কােনেও কাঢ়ি নিব নোৱাৰে
তেওঁ ঘূৰাই ল'বই  ॥

আমি মিছাতে 
যুঁজ বাগৰ কৰি ?
সম্পদ আহৰণত ব্যস্ত হওঁ ॥

তোমাৰ সম্পদ বুলি একোৱেই নাই ।
"ধৰিত্ৰী আইৰ" ওপৰত নিৰ্ভৰশীল আমি ।
বায়ু তোমাৰ সৃষ্টি
মাটি তোমাৰ
সম্পদ তোমাৰ
পানী তোমাৰ
বানপানী তোমাৰ বলীয়া প্ৰেম
বৰদৈচিলা তোমাৰ খং
বতাহ তোমাৰ কচৰৎ
আগ্নেয়গিৰি বৰ্জ্জিত পদাৰ্থ ॥

উদ্ভিদবােৰ তোমাৰ শ্বাসনলী
প্ৰাণী তোমাৰ সন্তান
সন্তানে  তোমাৰ কোলা বিচাৰে 
অসুৰে দকচি দকচি খায় তোমাক ॥

আই মাতৃয়ে 
কাকো ক্ষমা নকৰে
সমুলঞ্চে নিজৰ হাতলৈ নিয়ে 
কাকো নিদিয়ে ॥

প্ৰাণীৰ কি অধিকাৰ আছে !!
জীয়াই থকাতো তোমাৰ কৰ্তব্য
মৃত্যু আইৰ ইচ্ছাত ॥

সকলো ধৰিত্ৰীৰ হাতত
প্ৰাণ বায়ু  এক ঐশ্বৰিক শক্তি,
নশ্বৰ দেহ  ঘূৰাই লয় ধৰিত্ৰীয়ে
ধৰিত্ৰীয়ে কাকো লৈ যাৱলৈ নিদিয়ে ।
ধৰিত্ৰী বৰ আকোৰ গােজ নহয়নে ??
পৃথিৱীয়ে নিজৰ নিয়ম মানি চলে !!!

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)