খাণ্ডৱ দাহ

Rinku Rajowar
0
এটা ফিৰিঙতিত
খাণ্ডৱদাহৰ দিশে 
আগুৱাইছে মানৱ সভ্যতা  |
তচনচ হৈছে অহংকাৰ
ত্ৰস্তমান গৰ্বী বতাহ
দিকবিদিক হেৰুৱাই
বিজ্ঞানো স্তব্ধ প্ৰায়   |
তেন্তে পাৰি নেকি ভাবিব
অভ্যুত্থানম ,অধৰ্মস্য নে
বিনাশ্চয় চ দুস্কৃতম  |
অথবা
ভুল আপোনাৰ
ক্ষতি মোৰ
কোনে কাক কেনেকৈ
কৰিব সজাগ   |
জোৰ পুৰি বাহু পালেও
সিপিঠিয়ে শুও আমি
তোমাৰ হে কাঠা গধুৰ
মোৰনো কি  ?
খাণ্ডৱ দাহ হওক
মইতো আছো  
নে কি কয়   ?
নহলে ভাবিম নেকি এনেকৈ
ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱামী
যুগে যুগে   |

📝হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)