শুনচোন কাণপাতি…
বসন্ত গৰকা চ'তৰ জয়াল ৰাতি।
আন্ধাৰ বিদাৰি লগৰী বিচাৰি
কান্দে হিয়া ভাঙি
ক'ৰেনো চ'তোৱা পখী।।
মদাৰ ,পলাশৰ দলিচা দেও দি
শুকান ডালত বহি কপৌ পাহে আজি
মাৰিছে নিমজ মিচিকিয়া হাঁহি।
তোৰ পদূলিত তগৰ জোপাইয়ো
এটি- দুটি কৰি মেলিছে, পেলাইছে
লাজুকী শুকুলা পাহি ।।
কি সূঁতাৰ গামোচাত, কি ফুল বাচিছ…
তাঁতৰ পাতত বহি ,কি আঁঊল লগাইছ
উদাস উৰুঙা মন।
মনৰ নিজানত কাৰ ছবি আঁকিছ
পদূলিত চকু থৈ কি কথা ভাৱিছ
নেযায় দীঘলীয়া ক্ষণ।।
গৰকাত উঠিছে বুকুৰ দপ-দপনি
মাকোত বাজিছে মনৰ খিট্-খিটনি
যঁতৰত কলিজাৰ অমাতৰ মাত।
মহুৰা বাটিছ ঘনাই চিঙিছ আঁত
বৰকৈ খহিছে নাচনী জৰী ডাল
মাজত ধ্পে-ধ্পাই অচিন ভাৱনাৰ ৰাঁচ।।
মেঘৰ মাদল মনতো বাজিছে
দেহ নপৰে শাঁত।
তৰাং নদীত ন-পানী বাঢ়িছে
উজানত আহিছে বগী ধকে-ধকী মাছ।।
লঠঙা বিৰিষে সাঁজিলে-কাঁচিলে
ন-সেউজীয়া সাঁজ।
নিজম ৰাতি ৰিণিকি শুনিছো
চিনাকী বিহগীৰ ঘনাই বুকু ভঙা মাত।।
নিজান দুপৰীয়া কিনো ঢোল বজিলে
ৰিঙিয়াই মাৰিলে উকি।
পথাৰৰ মাজতে কোনে পেঁপা বজালে
আকৌ, বহাগী আহিলে বুলি।।
এনোৱা সময়ত আৱেগিক নহ'বি
মনক বান্ধিবি আঁটি।
ভৰ দুপৰীয়া নেযাবি ঘাটলৈ
নৈ ৰ বলীয়া পানী।।
ৰঙা চোলা পিন্ধি জেতুকা নল'বি
তুলি নাবান্ধিবি চুলি।
অমাতৰ মাতে কলিজা বিন্ধিব
মনৰ চিঙিব জৰী…।।
📝প্ৰবিন দত্ত,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ