আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য (খণ্ড - ০৩)

©Admin
0

২/ ট্ৰিটমেণ্টৰ বাবে কলৈ আৰু কোন বছৰ কোন তাৰিখে কেনেকৈ যাম আৰু লগত কোন যাব ?

উত্তৰঃ- এই সমস্যাৰ সমাধান পাবলৈ কিন্তু মোক দুমাহ মান লাগিল কিন্তু মই এইবোৰ কথা এই দুই মাহৰ প্ৰতিদিনাই ভাৱিছিলো এদিনাখন বাছত গোলাঘাটলৈ গৈ থাকোতে ৰাস্তাত এজন মানুহ উঠিল মোৰ কাষৰ চিটটো ৰিক্ত থকাৰ বাবে মোৰ লগতে বহিলে লাহে লাহে আমাৰ মাজত চা চিনাকি হ'ল তেখেতে নিজৰ নাম বাবলু গুপ্তা বুলি ক'লে আৰু মোৰ চকুটোলৈ চাই ক'লে তুমি চকুটোৰ ট্ৰিটমেণ্ট নোলোৱা কিয় ? মই তেখেতক মোৰ সমস্যাখিনি জনালোঁ আৰু চমৎকাৰে হৈ গ'ল তেখেতে জানিবলৈ দিলে যে তেখেত নেপাললৈ চকু ট্ৰিটমেণ্ট কৰাবলৈ মানুহ নিয়ে মোৰ

মনত যেন ফুৰ্তিৰ টং টং কৈ টিলিঙাই বাজি উঠিল আৰু কি হব আপুনি অনুমান কৰিব পাৰিছেই ৷

এনেদৰে মোৰ চকুৰ ট্ৰিটমেণ্ট হ'ল আৰু মই আজি চকুুৱেদি বহুতপৰিমাণে মণিব পাৰো ৷

এনেদৰে মই মোৰ সমস্যাবোৰৰ পৰা ৰেহাই পাই আহিছো পাছলৈ মই পদ্ধতিটো উন্নত কৰি পেলালো মোক যিয়ে বস্তুৰ প্ৰয়োজন হয় মই বহীখনত সেই বস্তুটোৰ ফটোসহ লিখি নিতৌ দুবাৰকৈ চাই চকু বন্ধ কৰি সেই বস্তুটো হাতত

লৈ ব্যৱহাৰ কৰি থকাৰ কল্পনা কৰো ৷ কিছু পলম হৈ কিন্তু বস্তুটো প্ৰাপ্ত কৰিবলৈ সক্ষম হওঁ ৷

এইক্ষেত্ৰত মই সেই বস্তুবোৰকেহে পাবলৈ ইচ্ছা কৰো যিটো মোৰ সাধ্য আছে লগতে সিমান পৰিমাণে পৰিশ্ৰমও কৰো তেতিয়াহে এয়া সম্ভৱ হয়  ৷ মই যেতিয়া দেখিলো যে এই পদ্ধতি সুন্দৰ কাম কৰিছে মই দুই এজনক ক'লো তাৰে বহুতেই হাঁহি উৰুৱাই দিলে আৰু

যিয়ে বিশ্বাস কৰি অনুকৰণ কৰিলে সেইসকল কিন্তু ৰিজাল্ট পালে তাৰে ৰিংকু কুৰ্মী নামৰ ভাইটি এটাই পদ্ধতিটো অনুকৰণ কৰি ফলাফল ভোগ কৰি আছে আজিও সি এই পদ্ধতিৰে সমস্যা সমাধান কৰি আছে বৰ্তমান সি গোলাঘাটত পলিটেকনিক পঢ়ি আছে ৷আৰু এই পদ্ধতিটো কাম কৰাৰ আৰঁত আছে এটা সিদ্ধান্ত ৷ এই সিদ্ধান্তটো কি সেই বিষয়ে জানিবলৈ চতুৰ্থ খণ্ডলৈ অপেক্ষা কৰক ৷


   📝দুলাল ৰবিদাস           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)