আধৰুৱা প্ৰেম কাহিনী খণ্ড - ০৬

©Admin
0

দিবাকৰে চুৰিয়া পাইজামা লগাই মূৰত গামোচা আৰু কঁকালত টঙালি বান্ধি ঢোল খন কান্ধত লৈ মিচিকিয়া হাঁহি মাৰি ভিতৰৰপৰা ওলাই আহিল সত্যমলৈ চাই ক'লে দাদা কেনে লাগিছে ? সত্যমে তলৰপাো ওপৰলৈ চাই ক'লে বাঃ টিপটপ লাগিছে বাৰু বিহুৰ সাজু পিন্ধি ঢোলখন লৈ  কলৈ যোৱা গম পোৱাই দেখোন লকডাউনৰ সময় বৃদ্ধি কৰা হৈছে আৰু চৰকাৰ বিশেষ নিয়ম অনুসৰি সকলো ঠাই ২০ এপ্ৰিললৈকে পৰ্যবেক্ষণ কৰিহে কোন এলেকাত কিমান  পৰিমাণে লকডাউনৰ নিয়ম মানিছে সেই তাৰ লগতে কৰ'নাৰ আক্ৰান্ত পৰিমাণৰ ওপৰত ভিত্তি কৰি লকডাউনৰ নিয়মৰ সালসলনি কৰিব মাজতে দিবাকৰে কৈ উঠিল " ৰব ৰব মই বুজিছাে আৰু মই ক'তো যোৱা নাই মই ভাৱিছো  এইবেলি বিহুটি ৰমকে জমকে নহলেও কি হব আপুনি ফেচবুক লাইভ কৰক মই ঢোল বাম লগতে হুঁচৰি এটাও গাম বুজিছ মিছাতে দীঘলীয়া লেকচাৰ শুনালে এতিয়া আৰম্ভ কৰক লাইভ ফেচবুকত গৰম উঠাই দিম " সত্যমে মিচিকিয়া হাঁহি মাৰি মৰমতে পিঠিত ঢকা এটা দি ক'লে চৰী মোৰে ভুল বাৰু ৰেডী এইবুলি কৈ মবাইলত ফেচবুক লাইভ আৰম্ভ কৰিলে ৷ দিবাকৰে ঢোলত চাপৰ মাৰি গাবলৈ ধৰিলে -

             দেউতাৰ পদূলিত 

              গোন্ধাইছে মাধুৰী

              কেতেকী মলেমলায়

              ঐ গোবিন্দই ৰাম…. ৷

দিবাকৰৰ ঢোলৰ মাত শুনি ইতিমধ্যে মাক বাপেকেও আহি হুঁচৰিত যোগ দিলে এনেদৰে হুঁচৰি চলি থাকোতে নিতু আৰু কেইটামান শিশু বিহু সাজেৰে আহি পালেহি সিহঁতেও হুঁচৰিত যোগ দিলেহি লগেলগে ঘৰৰ পৰিৱেশ এটা বিহু তলীলৈ পৰিবৰ্তন হ'ল হুঁচৰি শেষ হোৱাৰ লগেলগে নিতুৱে বিহু যোজনা এটি আৰম্ভ কৰিলে 

                 

                ঐ চকলা টেঙাটি

              অকলে নাখাবা

                ঐ আমাকো এচকল দিবা

             ঐ বিহু মাৰিবলৈ

                 অকলে নাযাবা 

              ঐ আমাকো লগতে নিবা… ৷

নিতুৰ যোজনা সামৰাৰ লগেলগে ঢোলৰ চাপৰত গগণ কঁপাই তুলিলে ৷ ঢোলৰ ছেওতে ছেও মিলাই নিতু আৰু তাইৰ লগত অহা শিশু নাচনীৰ লগতে দিবাকৰৰ মাকেও ঘিলা ঘূৰাদি নাচিবলৈ ধৰিলে সত্যমেও নিজকে ৰখাব নোৱাৰি মবাইল স্টেণ্ডত লগাই বিহু নাম এটি জুৰিলে

               

             ঢোল পেঁপা গগণা 

                   লৈ আহিছো বহণা ৷৷

             আহঁতৰ তলৰ 

                    বিহুতলীলৈ 

             যাবানে জান ওলাবা ৷৷

লগেলগে নিতুৱে এই গীতৰ উত্তৰত গালে


           ঢোল পেঁপা গগণা

                 লৈ আহিছা বহণা ৷৷

            কৰ'না ভাইৰাছৰ আতংক

                 লকডাউনৰ সময়ত 

            যাওঁ বাৰু কেনেকৈ কোৱা ৷৷

এনেকৈ অসমৰ বাপতীয়া ৰঙালী বিহুটিক ঘৰৰ ভিতৰতে  ওলহমালহেৰে উদযাপন কৰিছে আমাৰ অসমীয়া ৰাইজে শেষত আপোনালোকলৈ হিয়াভৰা নৱ বৰ্ষ আৰু ৰঙালী বিহুৰ সুলভ যাচিলোঁ  দিবাকৰৰ দেউতাই ফেচবুক লাইভৰ যোগেদি অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি বিহু নাচ সামৰাৰ নিৰ্দেশ দিলে বিহু নাচ সাদৰাৰ পাছত দিবাকৰৰ মাকে লৰালৰিকৈ ভিতৰলৈ গুচি যায় সত্যমে নিতুক বিহুৰ শুভেচ্ছা যাচিলে আৰু নিতুৱে সত্যমক বিহুৰ শুভেচ্ছা যাঁচিলে আৰু নিতুৱে ক'লে " আপুনি জানেই চাগে লকডাউন আৰু ১৯ দিনলৈ মানে তিনি মে ২০২০ তাৰিখলৈকে বৃদ্ধি কৰিলে ভাৰত চৰকাৰে " এনেতে দিবাকৰৰ মাকে চাহ আৰু পিঠাপনাৰে ভৰা প্লেটকেইখন লৈ আহিলে আৰু ক'লে ৰাইজ বিহু জলপান এইয়াই যি পাৰিলোঁ তৈয়াৰ কৰি আগবঢ়াই দিলোঁ " সকলোৱে চাহখোৱা আৰম্ভ কৰিলে ৷ 

                         

                         আগলৈ

  

  📝 দুলাল ৰবিদাস

               



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)