মই এজন সংবাদকৰ্মী

Rinku Rajowar
0
মোৰ ঘৰত খাবলৈ নাই,
তথাপি কাৰো ওচৰত হাত পতা নাই, 
কাৰণ মই এজন সংবাদকৰ্মী।
মোৰ ঘৰত চাউল নাই,
তথাপি কাকো খোজা নাই,
কাৰণ মই এজন সংবাদকৰ্মী ।
মোক কোনেও সহায় কৰিবলৈ
আগবাঢ়ি অহা নাই,
কাৰণ মই এজন সংবাদকৰ্মী ।
সহায়ৰ হাত আগবঢ়ালেও
মই একো লব নোৱাৰো
কাৰণ মই এজন সংবাদকৰ্মী।
মোৰ পৰিয়ালে  ভোকত কান্দিছে
কিন্তু সেই কান্দোন কোনেও শুনা নাই,
কাৰণ সিহঁত সাংবাদিকৰ পৰিয়াল।
মোৰ ঘৰৰ মানুহে ডালি ভাত খাইছে
কিন্তু পৰিয়াল  কুটুমে ফোন কৰিলে 
মাংস ভাত খোৱা বুলি কয়
কাৰণ সিহঁত সাংবাদিক পৰিয়ালৰ । 
বাহনখন লৈ বাতৰি সংগ্রহ কৰিবলৈ যাবই লাগে, বাহনত তেলৰ অভাব, কাকোৱেই কব নোৱাৰো, কাৰণ মই এজন  সাংবাদিক।
নিতৌ মই চকুলো টুকিছোঁ
কিন্তু মোৰ চকুৰ পানী কোনেও দেখা নাই
কাৰণ মই এজন সাংবাদিক ।
অন্তৰত আছে মোৰ হেজাৰ দুখ
কিন্তু মই কাকো কব পৰা নাই
কাৰণ মই এজন সাংবাদিক ।
অন্তৰে কান্দিলেও মুখেৰে হাঁহি আছো আনে নজনাকৈয়ে,
কাৰণ মই এজন সাংবাদিক।
আনৰ বাবে বহুবাৰ কান্দিছো
কিন্তু মোৰ বাবে কোনেও কন্দা নাই
কাৰণ মই এজন সাংবাদিক ।
ৰাইজৰ খা - খবৰ সমস্যাৰাজি  বিলাওঁ 
কিন্তু মোক কোনেও বুজ লোৱাৰ অনুভৱ কৰা যেন নাপাওঁ , 
কাৰণ মই এজন সাংবাদিক ।
মাজে মাজে ভাব হয় মই কিয় সাংবাদিক  হলো,
কোনে কি পৰিস্থিতিত  মোক সাংবাদিক হবলৈ বাধ্য কৰোৱালে  ?
নামৰ লগত লাগি থকা" সততাৰ সাংবাদিক" শব্দটো
মোহাৰি নোহোৱা কৰিবলৈ মন যায়,কিন্তু নোৱাৰো
কাৰণ মই এতিয়া ৰাইজৰ পৰিচয়ত সত্যনিষ্ঠ সাংবাদিক।
পেটত জুইকুৰালৈ যেতিয়া ওলাই যাওঁ, বাটৰোৱাই যেতিয়া হাঁহি মাৰি" দাদা ভালনে " বুলি সোধে
পেটৰ জুইকুৰা মিনিষতে নুমাই যায় অ
কাৰণ মই এজন সাংবাদিক।
মেল মিটিংত গামোচা এখন দি মঞ্চত বহুৱাই থয়
এটি ফুলদানিৰ দৰে
কৰণ মই এজন সাংবাদিক ।
চৰকাৰৰ কোনো আঁচনীয়েই
মোক ঢুকি পোৱা নাই
কাৰণ মই এজন সাংবাদিক ।
মনৰ দুখ পাতলাবলৈ 
ম --------- দোকানত শাৰী পাতিব পৰা নাই
কাৰণ মই এজন সাংবাদিক ।
হেজাৰ ধুমুহা আহিলেও
মই কাৰো ওচৰত সহায় নিবিচাৰোঁ ,
দুহাত মেলি আকাশলৈ চাই
চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে,
কিন্তু মই কান্দিব পৰা নাই
কাৰণ মই এজন সাংবাদিক ।
চিঞৰি চিঞৰি কবলৈ মন গৈছে - - - - - - - -
ঐ... মোৰো তেজ মঙহ আছে
আনৰ দৰে মোৰো ভোক পিয়াহ লাগে
কিন্তু মই কব পৰা নাই
কাৰণ,
ধনৰ দুখীয়া হব পাৰো
মনৰ দুখীয়া কেতিয়াও নহওঁ
কাৰণ আত্ম গৌৰৱ থকা মই এজন সাংবাদিক ।
সাংবাদিক  হৈ জন্ম লোৱা নাছিলো, 
কিন্তু সাংবাদিক  হৈ জীয়াই আছো
সংবাদ প্ৰহৰী  হৈ জীয়াই থাকিম
মৃত্যুৰ আগমুহূৰ্তলৈকে।
জীয়াই থকা কেইদিন সং   বাদ দি জীয়াই থাকিব নোৱাৰো বাবেই  জীয়াই থাকিম
মৃত্যুৰ আগমুহূৰ্তলৈকে সাংবাদিকৰ দৰে প্ৰবিত্ৰ  দায়িত্ব পালন কৰি  
কাৰণ মই এজন গণতন্ত্ৰৰ প্ৰহৰী 

📝জিতেন শৰ্মা ,হোজাই 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)