কোভিডৰ ভ্ৰমণ

©Admin
0
 দেশ-বিদেশ ভ্ৰমণ কৰি COVID-19 অসম আহি পালে । আহিয়েই অসমৰ বতাহজাকক ক'লে  "ব'লা মোক অসমৰ চাৰিওফালে ফুৰাই আনা । "
"নোৱাৰো দেই । তুমি যি হে খাতাৰনাক । এনেই ভয়তে জীও উৰিছে " --বতাহজাকে ক'লে ।
" এ তুমি PPK টো পিন্ধি লোৱা । মই পিছে তোমাক এতিয়ালৈকে আমনিয়েই কৰা নাই । এনেয়েই ভয় কৰিছা ।"
PPK. টো পিন্ধি বতাহজাকে নতুন মডেলৰ বুলেটটো উলিয়ালে । COVID-19. আহি পিছ পিনে ধূপুচকৈ বহিয়েই ল'লে । বতাহজাকে ভগৱানৰ নাম লৈ বতাহৰ  স্পীডত  গিয়েৰ দবাই দিলে ।  
COVID-19  এইবাৰ ভয়তে উচপ খাই উঠিল । সি বোলে কোনো দিন বুলেটত উঠাই নাছিল  এফালৰ পৰা অসমৰ চহৰ - lনগৰ ,গাঁৱে- ভূঁয়ে ফুৰি গৈছে। 
চহৰবোৰত  মানুহ ঘৰৰ ভিতৰত আৰু জীৱ-জন্তুৰ বাহিৰত দেখিলে । গাঁৱবোৰত নিজ নিজ বাৰী- চোতালত কিবা-কিবি কাম কৰি থকা   দুই/ এজন মানুহক দেখিলে । 
 হঠাৎ এঠাইত সি চিঞৰি  বুলেটটো ৰখাবলৈ কৈ সুধিলে -"  এই শাৰী শাৰীকৈ থকা গছবোৰ কি ?  মন মুহিছে দেখুন । " বতাহজাকে সেইবোৰ চাহ গছ বুলি ক'লে । "এইবোৰৰ বৰ আকৰ্ষণ আছে দেখুন।

নিজেই নিজেই ই কেনেকৈ ইমান ধুনীয়াকৈ জোপোহা জোপোহাকৈ হৈ যায় । আচৰিত! " বুলি কৈ সি বতাহৰ ফালে চালে । বতাহে ক'লে "এইবিলাক কৰিবলৈ শ্ৰমিক আছে । যি নিজৰ জীৱনৰতকৈও অধিক যত্ন লৈ এই গছবোৰৰ ।  যাৰ কষ্টৰ ফলস্বৰূপে অসমখন চাহৰ বাবে বিখ্যাত হৈ পৰিছে ।"  COVID-19  লগে-লগে কৈ উঠিল --" হয়  হয় । মই শুনিছো অসম চাহৰ বাবে বিখ্যাত বুলি । ক'লা ক'লা গুটিহে দেখিছো ।এইবিলাক বুলি নাজানো নহয় ।"  
        
 বুলেটখন আগবাঢ়িছেহে সি আকৌ চিঞৰি উঠিল  " এই ৰে'লৰ দবাবোৰ ইয়াত কিয় পেলাই থৈছে বাৰু ?  আৰু সৌ পৰুৱাৰ লানিৰ দৰে আহি থকা মানুহবোৰ  ক'লৈ গৈছে ?"  বতাহে হাঁহি-হাঁহি ক'লে-- " এইবোৰ দবা নহয়।  শ্ৰমিকৰ ঘৰ । সৌবোৰ শ্ৰমিকে বাগিচাত কাম কৰি এই ঘৰবিলাকলৈ উভতি আহিছে ।"    " আচৰিত !  গোটেই বিশ্বই মোৰ ভয়ত পেপুৱা লাগি লকডাউন কৰি ঘৰৰ ভিতৰত সোমাই আছে । সেই সময়ত বাগানত কাম । ইহঁতকেইটাৰ প্ৰাণৰ মমতা নাই নেকি ? নে মোৰ  ৰুদ্ৰৰূপৰ বিষয়ে নাজানে ? " বতাহজাকে দীঘলকৈ হুমুনিয়াহ  কাঢ়ি ক'লে -"  কি কম ইহঁতৰ দুখৰ কথা । কিছুমানে ইহঁতক মানুহ নহয় , এটি এটি যন্ত্ৰ বুলি ভাৱে । ইহঁতৰ জীৱনটোৰ ৰিমট সিহঁতৰ হাতত । " COVID--19  বতাহক বাধা দি ক'লে  " হ'ব । আৰু ক'ব নালাগে । বিশ্বত ময়েই চাগে আটাইতকৈ  ভয়ংকৰ মহামাৰী । ইয়াত মই এজনক পালে যে একে ৰাতিয়েই সকলোকে শেষ কৰি থৈ যাম । এই কথা জানিও ইহঁতৰ জীৱনতকৈ চাহ গছটোকে অধিক গুৰুত্ব দিছে । মই যদি কেনেবাকৈ ইহঁতৰ মাজত সোমাব লাগিলে  টি, ভি ৰ পৰ্দাত অসমক এক নম্বৰত আহিবলৈ দেৰিয়েই নালাগিব ।  গেৰান্টি দিছো । "  বতাহজাকে ক'লে-" দেও ।  মইতো বুজিছো । বৰমূৰীয়াকেইটাই বুজিলেহে । চাহপাতত যি হে আকৰ্ষণ । "
    উভতি আহোতে  COVID--19  ক'লে -- " আকৰ্ষণক বিকৰ্ষণ কৰিবলৈ মোৰ এক চেকেণ্ডো নালাগে । মোৰ নামহে কৰ'না । মই কিন্তু কাকো কৰুণা নকৰো  । সিহঁতক জনাই দিবা । "  বতাহজাকে ভয়তে আকৌ বতাহৰ স্পীডেৰে বুলেটটো চলাই দিলে ...

📝ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)