মোবাইল

©Admin
0
কেইদিনমান আগলৈকে ল'ৰা-ছোৱালীহঁতক কৈছিলোঁ বেয়া সংগৰ পৰা  
আঁতৰি থকাৰ দৰেই 
আঁতৰি থাকিবা চুবলৈ মোবাইল
ই আমাক ঘটাব পয়মাল
লক্ষ্যত উপনীত হোৱাত লাগিব জঞ্জাল, 
কিন্তু সংহাৰী ক'ৰোনাৰ ত্ৰাসত পৰি
এতিয়া কবলৈ বাধ্য হৈছোঁ
আহা তোমালোক অনলাইন
নহ'লে সন্মূখীন হ'বা বৃহৎ লোকচান।

এলাগী তিৰোতাৰ দৰেই
একাষৰীয়া কৰিবলৈ কৈছিলোঁ মোবাইল
কোনোবাই লুকাই চুৰকৈ চুলেও
পিতৃ মাতৃৰ ভূমিকা পালন কৰিবলৈ গৈছিলোঁ 
নকৰাকৈ নাছিলোঁ কেতিয়াবা শাস্তিও প্ৰদান
যাৰ বাবে আজি ল'ৰা-ছোৱালীহঁতে  
বুজা নাই একো আওভাও।

এলাগী তিৰোতাই লাগি হৈ পৰিল এতিয়া 
শিক্ষকে দিছে অনলাইন বতৰা 
হাতে হাতে তুলি দি মোবাইল কৈছোঁ আমি 
কৰি ল তহঁতে শিক্ষা গ্ৰহণ 
হেৰৌ ভুকুতে জানো কলটো পকে 
উপজিয়েই গোটা ভাত কেনেকৈ গিলে
সিহঁতৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা
কেনেকৈ কৰেনো গ্ৰহণ  শিক্ষকে দিয়া বতৰা।

ভুলটো আমাৰ তাতে হ'ল
মোবাইলৰ বেয়া দিশটোক লৈ ভাল দিশটোক
কৰিলোঁ আওকাণ
এতিয়া টানত পৰি বুলিছোঁ ৰাম, 
আগতেই যদি  ভাল দিশবোৰ দেখুৱাই
মোবাইল ব্যৱহাৰৰ উপযোগী কৰিলোহেঁতেন
নহলহেঁতেন এই পয়মাল
হেলাৰঙে লব পাৰিলেহেঁতেন ৰাম নাম।

সকলো বস্তুৰে ভাল বেয়া দিশ থাকে দুটা
ভালটোক গ্ৰহণ কৰি বেয়াটোক দিলে দলিয়াই
পৰিস্থিতিৰ লগত পৰিবা খাপখাই
ক'ৰোনা হে নালাগে সহস্ৰ বিপদে যদিও
তোমাক ধৰে মেৰিয়াই।

📝 ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)