কপালৰ লিখন

©Admin
0

এদিন সকলো বিশ্বৰ মানৱৰ
বাট অবাট হ'ব

হাঁহিবোৰ ওঁঠত উশাহবোৰ কোঠাত 
নিজেই আৱদ্ধ হ'ব

কাৰ কপালৰ লিখন আছিল
কোনোদিনেইতো কাকো 
কোনেও কোৱা নাছিল

সম্ভৱত  সৃষ্টিকৰ্তাই কাৰো চকুত নপৰাকৈ
নিজৰ হাতৰ ৰেখাতেই ৰেখাবোৰ লুকাই থৈছিল 

কোৱা , কোৱা কিবা ক'বা যদি
এতিয়া যে  সময় কোঠাতে আৱদ্ধ

বাহিৰৰ বতাহ সোমাই আহিলেই হয়তো
মই  নৈ  হৈ  বৈ  নাথাকিবও  পাৰোঁ...

📝 ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)