বসন্ত আহিল

Rinku Rajowar
0
হেৰৌ কুলিজনী- - - - 
তই কুউকুউকৈ কান্দি মোৰ হিয়াখন নাভাঙিবি
গহৰা ডালত কপৌ ফুলে যদিও জনাইছে বসন্ত অহাৰ বতৰা 
পিছে এতিয়া যে বন্ধ নঙলা জপনা ।
ব'হাগ আহিলেও সংক্ৰিত মনে ঘুৰি নাচাব
ছাগে 
সকলোৱে এতিয়া ক'ৰোণাত আতংকিত।
শুনা নাই ঢেঁকীৰ মাত ,ঢোলৰ মাত
নিতাল নিস্তব্ধ ৰাস্তা -ঘাট- - " !!
অহংকাৰী মানুহৰ প্ৰযুক্তি বিদ্যাৰ হাতোৰাত
জীৰ্ণ শীৰ্ণ আজি মন।

চৌদিশে মৃত্যুৰ ঘন্টা -  শুনিছো মৃত্যুৰ কিৰিলি
নিঃশেষ হব নেকি মানৱ জাতিৰ -    ??

হে মৃত্যু তুমি শান্ত হোৱা
আকৌ নতুন প্ৰভাত হওঁক ব'হাগৰ দুপৰীয়া
এতিয়াও বহু সময় বাকী -   -   
কেনেকৈ ঘটাব পাৰো পৰিসমাপ্তি ?

হেৰৌ কুলিজনী- - -- 
তোৰ বিননিবিননিয়ে দুখবোৰ দুগুণে দিছেহে জাপি 
চিন্তাক্লিষ্ট মনবোৰক সান্ত্বনা দিবলৈ ভাষাও হেৰাই
এতিয়া প্ৰতি খোজতে বসন্তৰ সতে মৃত্যুৰ ভাবুকি  ।
হেৰাব ইষ্ট মিত্ৰ,বন্ধুবৰ্গ,আপোনজন
এপাহি ফুল হৈ ফুলি থকা শিশুবোৰ
হৃদয়ে কৰিছে আৰ্তনাদ- - ' ' !!
ৰোধিবলৈ নাই আজি শকতি
কান্দিছে মন -প্ৰাণ 
লৈছো নেদেখা জনৰ নাম
ৰাখে হৰি মাৰে কোনে 
মাৰে হৰি ৰাখে কোনে
ইমানতে সমাপ্ত হোৱা হে ক'ৰোণা - - - !!!
আদৰো বসন্তক
খুলি দিওঁ নঙলা  জপনা।

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)