কি ৰং মোৰ মনত সানিলা
তোমাৰ মৰমতে
হ'লো মই বলিয়া ৷
ৰঙচঙীয়া পাখি
মৰম মোৰ থবা সাঁচি
দুই হিয়াক বান্ধি
থম মৰমৰ এনাজৰী দি ৷
মনতে পৰে হবলা
মোলৈ তোমাৰ এবেলা
এয়া যৌৱনৰ খেলা
ডেকা গাভৰুৰ মেলা ৷
মোৰ জীৱনত আহি
প্ৰীতিৰ ৰং সানি
আজি কিয় গ'লা
মোকে পাহৰি ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ