সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰজী,খণ্ড- ০১

©Admin
0

জন্ম/পৰিচয়

কিতাপ সকলোৱে ৰচনা কৰিব পাৰে কিন্তু বাব চাহেব ভীমৰাও আম্বেদকাৰজীয়ে যি লিখিছছে তাক ভাৰতৰ সংবিধান কোৱা হয় ৷ প্ৰিয় পাঠক আজি আম্বেদকাৰ 

জয়ন্তী আজিৰ তাৰিখে ১৮৯১ চনত মধ্যপ্ৰদেশৰ ইন্দৰত 

জ্ঞানৰ সাগৰ বাবাচাহেব বি আৰ আম্বেদকাৰজীৰ জন্ম হৈছিল পিতাকৰ নাম ৰামজী মলোজী সকপাল আৰু মাকৰ নাম ভীমাবাঈ ৷ 

আম্বেদকাৰ চতুৰ্থদশ সন্তান সৰু হৈ থাকোতে দেউতাক ইংৰাজ সৈন্যত চুৱেদাৰ পদৰপৰা অবসৰ গ্ৰহণ কৰিছিল

সেইকাৰণেে ভীমৰাওৰ লালন পালনত বহুত আৰ্থিক সমস্যাই মুৰ ডাঙি উঠিছিল ৷


বাল্যকাল/প্ৰাথমিক শিক্ষা

মাহাৰ জাতিৰ হোৱাৰ কাৰণে আম্বেদকাৰক সমাজৰ প্ৰতিৰোধৰ সন্মুখহীন হবলগা হৈছিল ৷ পঢ়াত চোকা হোৱাৰ

স্বতেও ভাৰতীয়  নিম্ন চিন্তাধাৰাৰ বলি হবলাগা হৈছিল ৷

আম্বেদকাৰে প্ৰতাপ সিং চৰকাৰী উচ্চমাধ্যমকিক বিদ্যালয়ত ৭ নৱেম্বৰ ১৯০০ চনত ইংৰাজীত প্ৰথম প্ৰৱেশ

লাভ কৰে ৷ 


বিবাহ

সেই সময়ত ভাৰতবৰ্ষত বাল্য বিবাহ প্ৰথা আছিল সেইকাৰণে ১৯০৬ চন অৰ্থাৎ ১৫ বছৰ বয়সত ৰামাবাঈৰ লগত বিবাহত বহিবলগা হৈছিল তেতিয়া আম্বেদকাৰ ইংৰাজী পঞ্চম শ্ৰেণীত আছিল ৷


উচ্চতৰ শিক্ষা

১৯০৭ চনত আম্বেদকাৰ মেট্ৰিক পৰিক্ষাত উতিৰ্ণ হয় ১৯০৮চনত বম্বে বিশ্ববিদ্যালয়ৰ লগত সম্বন্ধীত এলফিস্টন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে তদুপলক্ষে এটা সমাৰোহৰো

আয়োজন কৰা হয় তাতে আম্বেদকাৰৰ প্ৰতিভাৰ প্ৰতি

মোহিত হৈ তেখেতৰ শিক্ষক কৃষ্ণ্পাজী অৰ্জুন কেলুস্তৰে 

তেওঁক স্বৰচিত "  বুদ্ধ চৰিত্ৰ " নামৰ কিতাপ এখন উপহাৰস্বৰুপে আম্বেদকাৰক প্ৰদান কৰিছিল ৷

আম্বেদকাৰ সৰুৰেপৰাই এজন চৰিত্ৰৱান আৰু বুদ্ধিয়ক ল'ৰা আছিল ফলস্বৰূপে ১৯১২ চনত বম্বে বিশ্ব বিদ্যালয়ৰপৰা সুখ্যাতিৰে স্নাটক পৰিক্ষাত উতিৰ্ণ হৈ দলিত

সমাজৰ সৰ্বপ্ৰথম গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰি সন্মান অৰ্জন

কৰিবলৈ সক্ষম হৈছিল আম্বেদকাৰজী ৷

তেখেত অৰ্থশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞানত গ্ৰেজুৱেচনৰ

চাৰ্টিফিকেট লাভ কৰিছিল ৷


বিশ্ববিদ্যালয় শিক্ষা

বৰ্ষ ১৯১৩ চনৰ ২ ফেব্ৰুৱাৰীত পিতাকৰ মৃত্যুৰ পাছত আম্বেদকাৰক বৰোদা মহাৰাজে  ছাত্ৰবৃত্তি প্ৰদান কৰি পঢ়িবলৈ আমেৰিকালৈ পঠিয়াই আৰু ১৯১৩ চনৰ জুলাই

মাহত উচ্চ নিচ জাতি ধৰ্মৰ ভেদভাব নথকা দেশ নিউয়ৰ্কত

পদাৰ্পণ কৰে আৰু নিজকে নিচিন্ত মনে পঢ়াশুনাত মনোযোগ দিলে আৰু মাষ্টাৰ অফ আৰ্ট ডিগ্ৰী ১৯১৬ চনত

নেশ্যনেল ডিবিৰ্ডেড ফৰ ইণ্ডিয়া হিস্টৰিকেল এণ্ড এনালাইটিকেল ষ্টৰিকেল শ্টৰিৰ বাবে ডক্টৰেট উপাধি

প্ৰাপ্ত কৰিছিল ৷ অৰ্থশাস্ত্ৰ আৰু ৰাজনীতি বিজ্ঞান পঢ়িবলৈ

লন্দনলৈ যায় কিন্তু বৰোদা মহাৰাজে সঠাৎ আম্বাদকাৰজীৰ বৃত্তি বন্ধ কৰাই  দিলে ৷ আৰু মাতি পঠিয়ালে


📝দুলাল ৰবিদাস





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)