স্বাভিমান

Rinku Rajowar
0

   জিলমিল পোহৰ
   সোমাই অহা
   জলঙাই দি
   এই আহো 
   এই আহোকৈ
   ৰৈ আছে
   আমাৰ প্ৰাণৰ ব'হাগ  |

   এই ব'হাগতে স্নান কৰি
   পণ লওঁ আহক
   আমি সকলো
   আমাৰ বাবে   |

      আমাৰ শিৰাই শিৰাই
   আজীৱন বৈ থাকিব
   জাতিক ভালপোৱাৰ
   আহ্বান  |
 
   কপৌ তগৰৰ গোন্ধই
   ম্লান কৰিব নোৱাৰে 
   কাহানীও আইৰ হাতেৰে
   বোৱা গামোছাৰ স্বাভিমান  |

   আইৰ গামোছা
   আমাৰ স্বাভিমান
   আইৰ পোহৰ কিমান অম্লান
   আই সদাই আইৰ দৰে
   আইৰ তুলনা নহয়  ||

     📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)