আশাৰ ৰেঙণি

Rinku Rajowar
0
প্ৰতি পলে পলে চিঞৰে 
ক্ষোভৰ মূল্য সুঁৱৰি 
প্ৰতি আঘাতে বুকু ভেদি যায়
ভয়ত মাথোঁ জিলিকে ছবি - - - !!
ইতিহাস সুঁৱৰি প্ৰতিটো ফাগুন আহে 
ব'হাগ আহে 
সাজি যায় দুখৰ সমাধি ।
চকুৰ লোতকেৰে সুঁৱৰাই ৰঙাকৈ তেজৰ টোপাল ।

বিষাদৰ বুকুত জিলিকি উঠে 
সীমাহীন ঘৃণাৰ ছবি 
প্ৰাণত অপ্ৰাপ্তিৰ পঁজা সাজি 
ৰৈ যাব যুগৰ অৱশেষ- - - !!
 প্ৰতি গাঁৱে গাঁৱে জিলিকি ৰ'ব
দুখৰ সেমেকা চাকি 
ভাহি আহিব হিয়া ভগা কান্দোন 
হ'ব পাৰে যুগৰ সমাধি - - - !!
দুচকুত সীমাহীন ছবি 
আকৌ জিলিকি ৰ'ব আশাৰ ৰেঙনি

আকৌ জিলিকি ৰ'ব আশাৰ ৰেঙণি।

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)