বগেজাৰী এক অনুপম লোককৃষ্টি-০২

Rinku Rajowar
0
ৰাভাসকল অসম তথা উত্তৰ পূব ভাৰতৰ বৃহত্তৰ মঙ্গোলীয় জনগোষ্ঠীৰ লোক  | ৰাভাসকলৰ বিভিন্ন শাখা আছে  |  সেইবোৰ হৈছে--ৰংদানি , মায়াতৰী , দাহুৰী , পাতি আদি , এইবোৰৰ ভিতৰত  পাতিৰাভা সকল অন্যতম  |  নিজস্ব ভাৱ ভাষা হেৰুওৱা পাতিৰাভা  সকলে একধৰণৰ খাৰাং-খাচ অসমীয়া ভাষাতে কথা পাতে | এই খাৰাংখাচ অসমীয়া ভাষাতে ৰচনা কৰা একশ্ৰেণী গীত- মাত পাতি ৰ্াভা সমাজত আছে  | ইয়াকে দক্ষিণ কামৰূপ অঞ্চলত বগেজাৰী গীত বোলে  | এই গীত সমূহক বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে জনা যায়  | দক্ষিণ কামৰূপত বগেজাৰী ,গোৱালপাৰাত বহুৰঙী আদি | বহুৰঙী শব্দটো অপেক্ষাকৃত পিচৰ বা অৰ্বাচীন | আমি সেয়ে -- বগেজাৰী শব্দটোকে গ্ৰহণ কৰিছোঁ | বৰ্তমানে বগেজাৰী গীতৰ লগত বগেজাৰী নৃত্য শব্দটোৱেও প্ৰাধান্য  পাইছে | কিন্তু কিয় এই গীত সমূহকে বগেজাৰী আখ্যা দিয়া হ'ল তাৰ সঠিক উত্তৰ পোৱা টান যদিও বিভিন্ন লোকে বিভিন্ন ধৰণে ইয়াক কব খোজে  | বগেজাৰী এফাকি গীতত এনেদৰে কোৱা হৈছে----
     এ   হে   হে   হে
      বগেজাৰী বগ
      বগুলাৰে মঙহ খুৱাই
কৰিম জবক্ বক্ ||
তাহিনিৰ দক্ষিণ কামৰূপৰ দাতিকাষৰীয়া ৰাজ্য ৰাণী , বৰদুৱাৰ, ভোলাগাঁও ,পাণ্টান,বগাই, বিকালী, আদি ইতিহাস প্ৰসিদ্ধ  | প্ৰাচীন বগাই ৰাজ্যৰ ৰাজবংশৰ অদ্যপি বৰ্তমান | এই ৰাজ্যৰে ৰাজকুঁৱৰী আছিল বগেজাৰী | যি বগেজাৰী গীত-নাচৰ স্ৰষ্টা  |
     সহজ সৰল স্বল্পতুষ্ট ৰাভাজনগোষ্ঠীৰ সৃষ্ট বগেজাৰী গীতত ৰাভা জনজীৱনৰ আৰ্থ- সামাজিক আৰু সাংস্কৃতিক  দিশ কেনেদৰে প্ৰতিফলিত হৈছে তাৰে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে  |
  প্ৰত্যেক সমাজ বা জমগোষ্ঠীৰে কিছুমান বেলেগ বেলেগ লোকাচাৰ আছে  | এইবোৰ জনগোষ্ঠীটোৰ পূৰ্বৰ পৰা চলি অহা ৰীতি -নীতি  | এই ৰীতি-নীতি সমূহেই সেই দনগোষ্ঠীটোৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিভূ ----
    অ ' আপী জানিবি
     অ' আপী শুনিবি
      পহিল চৰে- ডাকতে
       চোতাল   সাৰিবি  || আগলৈ  ----

   📝 হেমেন হাজৰিকা
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)