মুখা - মুখি হলো ,
কোনো কবিতাৰ মুখত
উদ্ৰেক নেদেখিলো ॥
বহাগৰ কবিতাৰ মুখত হাঁহি নাই ,
বহাগৰ কোনো কবিতাই নানাচে,
বহাগৰ কোনো কবিতাই ঢােল নবজায় ,
বহাগৰ কবিতাই - বিহুগীত নুজুৰে ॥
গৃহিণীয়ে অজীৱ নয়নেৰে
চকুলোৰে চাকি গছি দিলে ।
গাই দমৰাৰ বাবে
লাও - বেঙেনাও নাই ।
মাহ -হালধিৰ দুখ
ৰাউচিব নোৱাৰিম
নোৱাই - ধোৱাই তোক
এইবাৰ বিহুত ॥
বিহুৰ চাকিটিয়েও
জ্বলিব নোখোজে
আইৰ অচিন ৰােগৰ দুখত ।
ডেকা ডেকেৰীহত
হৃদয়ৰ বিহুফাকি
হৃদয়তে ৰাখি থ,
এইবাৰ মনৰ দুৱাৰ
বন্ধ কৰ -
দেখিছই আইৰ অসুখ ॥
কবিৰ কলম থমকি গৈছে,
কবি আৰু কবিতাই
বিহু পাতিবলৈ সাহ কৰা নাই ॥
নিঃশব্দ নিস্তব্ধ
অাইৰ জগত ।
দুৱাৰত ঢােলৰ সলনি
"শত্ৰুৰ টােকৰৰ" প্ৰাণৰ ভাবুকি ।
বাপুতি সাহোন বিহুতি
দুৱাৰৰ জপনাতে কোচাই থ ।
দৈ - চিৰা - পিঠা - লাৰু
হিয়াতে বনাই ল ।
চাউল মুঠিৰ বাবে পেটৰ ক্ৰন্দন -
কৰিবি কি ॥
এইবাৰ 'হুচৰি' আৰু
'আইৰ দুখৰ গীত' - একাকাৰ
কোনে কৰিব কোৱা ?
আইৰ দুখক নেওচি
বিহু পাতিব কোনে কোৱা ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ