ৰুটি সেকা চৌকাত
উত্তাপিত শব্দবোৰ
কবিতাৰ পোছাক পিন্ধি
হুৰহুৰকৈ ওলাই আহিল ।
চৌপাশৰ কংক্ৰিটৰ দেৱালত
প্ৰচণ্ড আঘাত কৰি
শব্দবোৰ যেনিতেনি
চিটিকি পৰিল ।
খণ্ডিত-বিখণ্ডিত শব্দবোৰে
আৰ্তনাদ কৰি সমস্বৰে
চিঞৰি উঠিল-
'আমাক তোমালোকৰ
সংবেদনশীল হৃদয়ৰ মণিকোঠাত
অনুভূতিৰ জুইৰে সেকিবা ।
শিৰত মুকুট পিন্ধা
কংক্ৰিটৰ আবেষ্টনীত বহি
ৰুটি সেকা চৌকাত
সেকি সেকি
আমাক আৰু যন্ত্ৰণা নিদিবা ।'
📝সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ