দক্ষিণ কামৰূপৰ চৌতালী নাম এক অৱলোকন- ০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা --অতি সম্প্ৰতি ধনতোলা নিবাসী শ্রীযুত যোগেশ দাস ডাঙৰীয়াই এই কাৰ্য সম্পাদন কৰি আছে | কবলৈ দুখ লাগে যে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অহা দক্ষিণ কামৰূপৰ প্ৰাচীন পৰিবেশ্য কলা চৌতালী নামবিধৰ প্ৰচাৰ আৰু প্ৰসাৰ মুঠেই হোৱা নাই  | তথাপি সৌভাগ্যৰ বিষয় যে অসমৰ সু সন্তান বিশ্ব ৰত্ন সুধাকণ্ঠ ড' ভূপেন হাজৰিকাদেবে তেখেতৰ অসমীয়া বোলছবী প্ৰতিধ্বনিত ১৯৬৫ চনত পাৰ্ল্লীৰ প্ৰসিদ্ধ থিয়নামক ৰাষ্ট্ৰীয় পেক্ষাপটত স্থান দি অকল দক্ষিণ কামৰূপকে নহয় সদৌ অসমবাসীৰ লগতে সমগ্ৰ শিল্পী সমাজক ধন্য কৰিছে | দক্ষিণ কামৰূপত বৰ্তমান প্ৰায় সত্তৰটাৰো অধিক চৌতালী নামৰ দল সিচৰতি হৈ আছে  | এই হিচাবৰ হয়তো অলপ ইফাল সিফাল হব পাৰে  |
  সংস্কৃতি বিহিন এটা জাতি জীয়াই থকা বা নথকা একেই কথা | লোক-সমস্কৃতি স্বৰূপাৰ্থত জীৱন সংস্কৃতি  | ই এক গণমাধ্যম | লোক সংস্কৃতি লোকজীৱনৰ দাপোন স্বৰূপ | শিল্পী সকল সুন্দৰৰ পূজাৰী , শিল্পী স্ৰষ্টা | শিল্পী সকলৰ শিল্প কৰ্ম কেতিয়াও বিনাশ নহয় | আমাৰ আশা যে অসম চৰকাৰে দক্ষিণ কামৰূপৰ এই পৰিবেশ্যকলাক উতকৰ্ষ সাধন কৰাৰ উপযুক্ত ব্যৱস্থা কৰিব | আমাৰ উত্তৰপুৰুষলৈ বিনম্ৰ অনুৰোধ তেওঁলোকে এই লোক কৃষ্টিবিধৰ উন্নতিৰ হকে এখন আকাশৰ তলত মিলিত হৈ কলা সংস্কৃতি ৰক্ষা কৰাৰ পণ লও আহক | আজন্মশিল্পী সকলক শিল্পী পেঞ্চন আগবঢ়াই তেওঁলোকক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ দিয়ক |
      (সমাপ্ত)
 📝 হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)