শব্দ এটাৰ সন্ধানত

©Admin
0
শব্দ এটাৰ সন্ধানত
মই ঘুৰি ফুৰিছি 
ঐয়াঙে দৈয়াঙে।

লুটিয়াই পাত পাত কৰিছোঁ
প্ৰতিখন ভাষীক অভিধান।
আকাশে বতাহে কাণঊণাই শুনিছো
নেপাওঁ তাৰ একো উম-ঘাম।

মোৰ উদৰত তাৰ বিয়াগোম বিপ্লৱ
বুকুলৈকে আহে উজাই
ওঁঠলৈ নাহে গোম-গোমাই থাকে
ৰাতিয়ে দিনে।

আজিও এতিয়াও প্ৰসৱ যান্ত্ৰণাত 
চট্-ফটাই আছে শব্দটোয়ে
অহেতুক ভয় এটাই খেদি খাইছে বুকু।
কি আছিল বাৰু…
সেই চিনাকি শব্দটো?

📝প্ৰবিন দত্ত/ শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)