চিকু আৰু ভোলা - এটা বাস্তৱিক প্ৰেম কাহিনী ,খণ্ড -০৩

©Admin
0

দিনক দিনে চিকু ভোলাৰ সন্তানকেইটা ডাঙৰ হবলৈ ধৰিলে যিমান ডাঙৰ হৈছে ইমান সুন্দৰ হৈ পৰিছে ৷ ৰাস্তাত অহা যোৱা কৰা মানুহও মন্ত্ৰমুগ্ধ হৈছে ঘৰত নিতৌ যেন উৎসৱ অনুষ্ঠান চলি থাকে আমাৰ ঘৰলৈ আহা সকলো মানুহে মোহিত হৈ এটা সন্তান তুলি লোৱাৰ কামনা কৰে ৷

আৰু চাওঁতে চাওঁতে এটা এটাকৈ সন্তানক মানুহবোৰে নি নি শেষ কৰিলে ৷ চিকুও লাহে লাহে বয়সস্থ হবলৈ ধৰিলে আৰু সঠাৎ চিকুৰ দেহা অসুখীয়া হৈ পৰিল ভোলাক সেই সুখ দিব নোৱাৰা হ'ল যি আগতে দিব পাৰিছিল ৷

এদিনাখন চিকুৱে ভোলাক ক'লে "হেৰী আপোনাক আগৰদৰে সুখ মই দিব নোৱাৰা হৈছো তাৰবাবে মোক ক্ষমা কৰিব " ভোলাই ক'লে " কিহে কোৱা তোমাৰ দেহা বেমাৰী হৈছে ইয়াত তোমাৰ কোনো দোষ নাই তেনেহলে ক্ষমা কিহৰ বাবে " আকৌ চিকুৱে কবলৈ ধৰিলে " মই বু জি ছো আপুনি মোক বহুত ভাল পাই গতিকে আপোনাৰ  সুখ দুখৰ কথা চিন্তা কৰাটো মোৰ কৰ্তব্য সেইকাৰণে মই নিৰ্ণয় লৈছো যিহেতু মই আৰু বেছি দিন চাগে জীয়াই নাথাকো আপুনি আন এজনীৰ সৈতে বিয়াত বহক মই পৰম সুখেৰে মৰিব পাৰিম "চিকুৰ কথা শুনি ভোলা চিঞৰি উঠিল তুমি বলিয়া হৈছা নেকি তোমাৰ  অবিহনে মই আন কাৰো কথা ভাৱিব নোৱাৰো আৰু তুমি

মোক আনৰ সৈতে বিয়াত বহাৰ কথা কৈছা এয়া অসম্ভৱ তুমি আছা তো মই আছো আৰু মই আছো তো এই জগত আছে নহলে একো নাই " চিকুৱে ক'লে আপোনাক মোৰ শপত আপুনি নতুন বিয়া পাতিবই লাগিব " ভোলা কান্দোনত ভাঙি পৰিলে আৰু ক'লে এয়া তুমি ঠিক নকৰিলা শপত দি  (চকুৰ পানী মচি মচি ) ঠিক আছে মই আনক বিয়া পাতিম কিন্তু জানি লবা মই আৰু তোমাক মুখ কেতিয়াও নেদেখাও বিদায় আহিছো এই বুলি কৈ ভোলা দুখমনেৰে গুচি গ'ল এনেদৰে সময় পাৰ হবলৈ ধৰিলে চিকু ভোলাক মনত পেলাই , তাৰ চিন্তা কৰি কৰি এদিন মৃত্যুৰ কোলাত চিৰদিনৰ বাবে চকু মুদিলে ৷

সঁচাকৈয়ে চিকু ভোলাৰ প্ৰেম কাহিনী অতি কৰুণাময়ী  এয়া মোৰ জীৱনৰ অভিজ্ঞতা ৷ জীৱ জন্তুৰ মাজতো যে ইমান প্ৰেম মানহৰ দৰে অনুভূতি আৰু অনুভৱ সঁচাকৈ মানিবলগীয়া মই বৰ্তমান চৈধ্য পোন্ধৰ বছৰীয়া ল'ৰা যদিও আজি এই কাহিনীটোৰ পৰা প্ৰেমৰ সঁচা অৰ্থ বুজি পালো ৷

 এয়া আছিল   "চিকু ভোলাৰ এটা বাস্তৱিিক প্ৰেম কাহিনী " গতিকে  এই ধাৰাবাহিকৰ অন্তিম খণ্ডটি আশা কৰোঁ কাহিনীটো ভাল পালে এই লকডাউনৰ অন্তিম চৰণ হয়তো সোংকালে আমি আগৰদৰেই আকৌ দৈনন্দিনৰ কামকাজ আৰম্ভ কৰিব পাৰিম শেষত কৰ'না ভাইৰাছৰ অন্ত নোহোৱালৈকে সাবধান থাকক , সতৰ্ক থাকক আৰু ঘৰৰ ভিতৰত থাকি সঁচা দেশভক্তিৰ পৰিচয় দিয়ক জয় হিন্দু ৷


     📝ভাস্কৰ কায়স্থ                                                অষ্টম শ্ৰেণী                                               


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)