নাহি নাহি ৰময়া

Rinku Rajowar
0
চন্দনৰ লগত আজি ফোনত কথা পতাৰ পাছত মাটিত হাইঠা পৰাদি পৰে সকলোৱে।

ইফালে তৰাজানত চটফটাই থকা ঘৰৰ মানুহে আৰু সিফালে চেন্নাইত পঢ়ি থকা চন্দনে সঁকাহ পাইছিল ১৫ আৰু ১৬ তাৰিখে ঘৰৰ পৰা দূৰৈত থকা ছাত্ৰসকলক ঘৰলৈ উভটি আহিবলৈ বিমান ভ্ৰমণৰ বিশেষ সুবিধা দিয়াৰ চৰকাৰী ঘোষণাত। 

মহামাৰীৰ বাতাৱৰনত ঘৰত হলেও একেলগে বিহু খাব পাৰিব আটাইয়ে। 

মাক অনামিকাই খবৰ পাইয়ে লৰালৰি কৈ বিহুৱান বোৱাৰ বাবে শালত লাগিল। ভনীয়েক সুৰভিয়ে দেউতাকৰ লগত দৈ-চিৰা-গুৰ আদিৰ বন্দোৱস্তত ব্যস্ত হৈ পৰে। 

বৰদৈচিলাত ধুই নিকা হৈ লহপহীয়া হোৱা আমগছত ফুলা কপৌ পাহলৈ চাই চুবুৰীৰ উলুপীৰ মনত দিনে ৰাতিয়ে বিহু গীতৰ সুৰ আৰু গা সাতখন আঠখন। কাহানিয়ে ৰুমালত তুলি থোৱা ফুলত আলফুলে হাত ফুৰাই গা শিৰশিৰাই উঠে দেখোন।

এইবেলি বাপতিসাহোন বিহুখন জাকে জমকে নাপাতিলেও আপোন জনৰ আগমনেই দেখোন জাকত জিলিকা হৈ পৰে। 

ৰৰৈয়াৰ পৰা ভায়েকক বাইকেৰে লৈ আনিবলৈ ককায়েক তুলসীয়ে আগতীয়াকৈ পুলিচৰ পৰা পাৰমিট গোটোৱাৰ বাবে লাগিল।

কথাটো তেতিয়াই ওলাল। বাহিৰৰ পৰা অহা যি কোনো ব্যাক্তিয়ে চৈধ্য দিন কোৱাৰেণ্টাইনত থাকিব লাগিব। যদি এয়াৰপৰ্টৰৰ চেকিঙত প্ৰাথমিকভাবে একো নাপায় তেন্তে নিজা ঘৰৰৰে আচুতীয়া বিশেষ কোঠালিত। আৰু কিবা প্ৰকাৰে ৰোগৰ লক্ষণ নাইবা সামান্যতম সন্দেহৰ অৱকাশ থাকিলে চিধাচিধি বিশেষ কৰʼণা কোৱাৰেণ্টাইন চিকিৎসালয়ত।

চন্দনে ফোনত এইবোৰেই আলচ কৰি থাকোতে যোৱা নিশাৰ বৰদৈচিলাই তহিলং কৰি থোৱা পুৱাৰ চোতালখনৰ দৃশ্য মনলৈ আহিল পিতাই গিৰীন্দ্ৰৰ।

বহাগৰ বতৰতে উলাহতে বলীয়া মন
আহে নে নাহে ঐ ঘৰলে বুকুৰে ধন

📝ডঃ জ্যোতিষ কুমাৰ দেৱ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)