ৰঙালী বিহু

©Admin
0
প্ৰচুৰ সম্ভাবনা গছে পাতে সিচি থৈ
ফাগুনক বিদায় জনাই
বসন্ত ৰাণী আহিল ধৰালৈ
ৰ'দ ত চিকমিক গছৰ আৰ লৈ
কুলি জনীয়ে মনত পেলাই দিলে
মই আহিলো ৰঙালী বিহু লৈ
শিমলু পলাস ফুলি
ধুনীয়া কৰিছে ধৰা
ঘৰৰ কামবন এৰা
আহা আমি চ'তৰ বিহু মাৰোগৈ
যুৰীয়া আহতৰ তললৈ
ৰিণিকি ৰিণিকি শুনিছো    দূৰণিত
পেপাৰ মাত বুকুৰ লগৰীৰ
মহৰ পিঠিত বহি পেপাটি বজাই টিহিটি টিহিটি
বিহুৱা গাভৰু মই
গামোচাত পদুম ফুলাই
আগলি বাহেৰে ৰামধন গগণা
চেনাই লৈ থৈছোঁ যতাই
দিখৌ নৈৰ পাৰত
যুৰীয়া আহতৰ তলত
বিহুৱান বান্ধি আমি ৰঙালীক আদৰিম।

কিন্তু ই  কি!!!
এই ৰঙালি বিহুৰ সময়ত
বুকুত এজাক ধুমুহা জগাই
কৰোণা মহামাৰীয়ে বহি ললে পথিৱী কপাই
কপৌ ফুল ডালতে শুকাল
কুলিৰ মাত গছতে লুকাল লাউ বেঙেনা খুৱাবলৈ
গৰুক নিব নোৱাৰো ধুৱাবলৈ
ঢোল পেপা বিহুৱান 
সকলো থলো সামৰি
চেনাই তোমাৰ ঘৰ সিফালে
চেনাই মোৰ ঘৰ ইফালে
মাজতে দিখৌ নৈ
তুমি আহিবা ঘাটলৈ
চাৱনি পাৰি ইপাৰে
চাই হেঁপাহ পলোৱাম
আমি দুয়ো দুয়োকে
কাষ চাপি নাহো আমি চেনাই ঐ 
ডেৰ মিটাৰ দূৰত্ব
মৰমে জানো মানে
যদি নমৰো কৰোঁণাৰ স‌‌‍ংহাৰত
ঘুৰি বেলি বহাগত
আকৌ লগ হ'ম
যুৰীয়া আহতৰ তলত।                  

 📝 অঞ্জনা  নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)