আধৰুৱা প্ৰেম কাহিনী ( খণ্ড ০৫)

©Admin
0

" আধৰুৱা প্ৰেম কাহিনী"

 ত এতিয়ালৈকে - গুণ্ডা কেইটাৰ সৈতে সত্যমৰ যুঁজ , মাৰৰ কোবত ক্ষমা প্ৰাৰ্থী গুণ্ডা কেইটাৰ ৷ক'ৰণাৰ আক্ৰমণত বিশ্বহাহাকাৰ ৷ দেশত ক'ৰণাৰ সংক্ৰমণ নহবলৈ সম্পূৰ্ণ ২১ দিনলৈ লকডাউন ঘোষণা এতিয়া আগলৈ পঢ়ক -

দেশৰ লগতে মিঃ ৰাজুহঁতেও লকডাউনৰ সম্পূৰ্ণ সহযোগ

কৰিছে পৰিয়াল সহ কিন্তু এই লকডাউন চলি থকা অৱস্থাত মানুহৰ যথেষ্ট অসুবিধা সৃষ্টি হৈছে খাদ্য সামগ্ৰী আৰু অন্যন্য দিশত  সত্যমে ফেচবুকত ষ্টেটাচ টো আপলোড কৰি দীঘলীয়া উশা টানি নিশব্দে বহি ৰ'ল ৷

এনেতে হেমাহি মাৰি দেহা ভাঙি ভাঙি দিবাকৰ আহি সত্যমৰ লগত বহিল  " দাদা বাতৰি লগাওক " সত্যমে নিমাতে মবাইল উলিয়াই দিলে দিবাকৰে বাতৰি লগাই

চাবলৈ ল'লে " লকডাউনৰ সময়ত ৰাস্তাত ওলাই যোৱা ৰাইজৰ ওপৰত পুলিচৰ লাঠি চালনা  ৷ গুৱাহাটী পল্টন বজাৰত মাছ মাংসৰ বজাৰ মেলি দিয়াত লকডাউনৰ কথা

পাহৰি ৰাইজে জাকে জাকে বজালৈ ওলাই " ইহ কি চাবা বাতৰি এইবুলি কৈ দিবাকৰে মবাইল বন্ধ কৰি সত্যমৰ ফালে চাই ক'লে দাদা কৰ'নাৰ আতংকৰ কেতিয়াও অন্ত

নহব নেকি কি কৰ'না ভাইৰাছক পৰাজিত কৰাৰ দৰৱ উলিয়াবলৈ সক্ষম হব নাই বিজ্ঞানীয়ে ?  " দিবাকৰৰ

 প্ৰশ্ন শুনি সত্যমে দীঘলীয়া  উশাহ লৈ ক'লে "এইবোৰ প্ৰশ্নৰ

উত্তৰ দিয়াতো বৰ্তমান কাৰো সাধ্যত নাই যদিও আশা আৰু অপেক্ষাত বিশ্বৰ বিজ্ঞানীসকলে পৰিক্ষা নিৰীক্ষা চলাই আছে এদিন নিশ্চয় সফল হব , আচলতে আমাৰ

মানুহৰ ভুলতে এনেধৰণৰ মাৰাত্মক ভাইৰাছৰ সৃষ্টি হয়

চাইনাই এই ভাইৰাছৰ কথা লুকাই ডাঙৰ ভুল কৰিলে কাৰণে আজি এই ভুলৰ ফল বিশ্ববাোীয়ে ভুগিব লগাত পৰিছে " এনেতে মহিলা এগৰাকী সোমাই আহি ক'লে " দিবাকৰ মাক মাতি দিয়াচোন " দিবাকৰে গৈ মাকক মাতি আনিলে ৷ দিবাকৰৰ মাকে মহিলাগৰাকীক বহিবলৈ দি " বল দিদি সব ঠিকে ঠাকে আছে ? " মহিলাগৰাকীয়ে ক'লে 

সব তো ঠিকে আছে একটা খবৰ দিয়েক আসে  ৰহি " মাজতে দিবাকৰৰ মাকে ক'লে " বলত' দিদি " মহিলাগৰাকীয়ে ক'লে " দিদি তুই তো জানিয়ে বৰ্তমানেৰ 

পৰিস্থিতিৰ কথা কৰ'নাৰ উৎপাত দেশে দেশে কৰি হামদেৰ

ভাৰতেও হাজাৰ হাজাৰ জন মানুস কৰ'নাৰ স্বীকাৰ হৈছে 

সেই খাতিৰে মোদীজীৰ আদেশে দেশে লকডাউন চলে আছে আৰ এই লকডাউনেৰ সময়ে হামদেৰ নিচিনা গৰীৱ মানুসেৰ খায়েক পিয়েক কতনা কষ্ট হৈ আছে তাহলে হামদেৰ আত্মা সহায় গোটে একটা সিদ্ধান্ত কৰে যে যি সব একেবাৰে গৰীৱ মানুস আছে হামদেৰ বাগানে সেই সবকে

টুকুণ্টা দাইল চাউল আৰু কিছু দৰকাৰী বস্তু দি সহায় কৰতে খুজছি তুই তো হামদেৰ গোটেৰ সভাপতি সেই খাতিৰে তৰ পৰামৰ্শটা জৰুৰী কি বলছি ? "

দিবাকৰৰ মাকে মহিলাগৰাকীৰ হাত দুখনত ধৰি উৎসাহী মনেৰে ক'লে কি বলছি দিদি হামাৰ মুখেৰ কথা তু বলছি

ছল দোকান বাজাৰ কৰতে লাগে শুভ কামে দেৰি কৰাটা

বেয়া " ছল ছল মহিলা গৰাকীও বহাৰপৰা উঠি যাবলৈ ওলাল সত্যমেও ক'লে হয় হয় ভাল কথা মাইসব যাযা কিবা দৰকাৰ হ'লে মকে জানাবি " ঠিক আছে বুলি কৈ

দুয়ো মহিলা ওলাই যায় ৷ দিবাকৰে ক'লে বাঃ মাহঁতে ইমান

সুন্দৰ পদক্ষেপ লৈছে মজ্জা বলক দাদা আমিও যাওঁ " সত্যমে ক'লে নাই নাই প্ৰয়োজন হ'লেহে বাহিৰলৈ যাব লাগে এতিয়া ব'লা আমি লুডুকে খেলুগৈ " সত্যমৰ কথাত

হয়ভৰ দি দিবাকৰ লুডু আনি দুয়ো খেলিবলৈ ধৰিলে ৷

                         

                    আগলৈ 


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)