পানী দৰ্শন

©Admin
0
আকাশক কলো তুমি দেখো
বহু নক্ষত্ৰৰ গৰাকী ॥
আকাশে ক'লে
মােৰ একোৱেই নাই ।
আকাশৰ ডাৱৰবােৰো
পৃথিৱীৰেই ॥

ডাৱৰ আৰু মেঘৰ নাম 
মই বৰষুণ দিলো ।
ডাৱৰৰ নাম যদি বৰষুণ হব পাৰে
বৰষুণৰ নাম পানীও হব ॥

পানীৰ নাম যদি 'নদী' হয়
তেন্তে পানীৰ নাম 'জুৰি -নিজৰাও' হব ॥

পানীৰ নাম যদি 'সাগৰ -মহাসাগৰ" দিও
পানীৰ নাম মই 'হ্ৰদ, সূতিও' দিব পাৰো
পানীৰ নাম 'জলপ্ৰপাত'
পানীৰ নাম 'হিমপ্ৰপাতো' দিব পাৰো ॥

পানীক নাম দিও 
অৱস্থান ভেদে ভিন - ভিন ॥

পানী তুমি  পানীয়েই  নে ?
পানী তোমাৰ নাম হেনাে বাষ্প ।
পানী তুমি হেনো বৰফো হোৱা।
পানী তুমি বহুৰূপী ।
আকাৰে - আকাৰে 
নাম সলোৱাই পৃথিৱীয়ে  তোমাক ॥

পানী তুমি হেনো আমাৰ প্ৰাণ
তুমি হেনাে বসুমতীৰ ও খাদ্য ॥

পানী তোমাৰ নাম দিলো 'নীল নদী' ,
পানী তোমাৰ নাম দিও 'আমাজান' ,
পানী তোমাৰ নাম দিলো  'মিচিচিপি',
পানী তোমাৰ নাম  হোৱাংহো,  জাংগী 
য়েল্ল ৰিভাৰ চীনত,
পানীৰ নাম - 'পাৰাণা' ৰিভাৰ দক্ষিণ আমেৰিকাত,
পানীৰ নাম - 'কংগাে' নদী আফ্ৰিকাত,
পানীৰ নাম - 'ডানবে' নদী  ইউৰোপত,
পানীৰ নাম বােলে - 'ভল্গা' নদী ৰাছিয়াত ॥

পানীৰ নাম থলে দেশে - দেশে 
বিধে -  বিধে  নিজস্ব নাম ।
একেই পানী - ভিন্ন নাম পৃথিৱীত
একেই পানী - ভিন্ন নাম পৃথিৱীত  ।
পানী তুমি আমাৰ জীৱন ॥


📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)