হেঙুলীয়া বাস্তৱ

©Admin
0
যাওঁ নাযাঁওৰ দোমোজাত আজি,
 মই এটি ডেউকা ভগা পক্ষী
অচিন দেশৰ জীৱন সংগ্ৰামৰ
প্ৰয়াসত স্তব্ধ।
নিশাৰ দুস্বপ্নত বিষাদ,ধুঁসৰিত   মোৰ বাস্তৱ
নাজানো ক'ত শেষ মাথোঁ গৈ আছো......।
নিশকতীয়া সপোনবোৰে বৰকৈ আমনি কৰে সেয়েহে চাগে ভাল লাগে 
ফাগুনৰ সেই নীৰৱতাৰ আবেলিতো।
উজাগৰে চাই ৰঁও
দুস্বপ্নৰ ভীষণ যন্ত্ৰণা
মোৰ নীৰৱতাৰ অশান্ত ধুমুহা,
সেয়েহে চাগে বেয়া পোৱা হলো
নীৰৱতাৰ সেই আবেলিটোকো।
বিষাদৰ খহনীয়া চপৰাবোৰে
জীৱন্ত আশাকো ধুলিৎসা কৰে
খহনীয়াৰ অটল গহ্বৰত 
মই মাত্ৰ জীয়াই আছ

📝পংখী মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)