ৰঙালী বিহু

©Admin
0
ঘুৰি আহ ৰঙালী কাবৌ কৰিছো
দুৱাৰদলিত আহি থমকি নৰবি
কৰনাৰ প্ৰাচীৰখন তোৰ বাবে অপ্ৰতিৰোধ্য নহয়, হ'ব নোৱাৰে
শীতৰ শুকান জঠৰতাই স্থৱিৰ কৰা ধৰাখনৰ তোৰ বাবে কি অধীৰ আকুলতা
তই জানো নাজান ?

তোৰ চিৰপ্ৰেমিক সেউজ ধৰাখনক
তোৰ সেউজীয়া আচ্ছাদনেৰে আকোৱালি লহি

তোৰ যাদুৰ পৰশেৰে, তোৰ ৰঙৰ বোলেৰে
মুক্ত কৰ এই বিনন্দীয়া ধৰণীক
মৃত্যুদূত কৰনাৰ অক্টোপাছ আলিঅংগণৰ পৰা

গছৰ ডালে ডালে ফুলি উঠা কপৌ কেইপাহ আজি উপেক্ষিত, অৱহেলিত
আজি দেখোন দৈ চিৰা পিঠা নাই
তাতৰ শালত মাকোৰ ঘিটঘিটনি নাই
বিহুতলিত ঢোলৰ গুমগুমণিও নাই
চৌদিশে মাথো আতংক,  মৃত্যুৰ বিভীষিকা

আহ ৰঙালী, বিষণ্ণ বহাগীক আৰু বিষণ্ণ নকৰিবি
শীতৰ দলিচা গচকি সোমাই আহ এই সুৰ্য্য উঠা দেশলৈ
মুঠি ভৰাই লৈ আহ নিৰ্মল বতাহজাক, ৰিমঝিম বৰষুণজাক

তই আহিলে আকৌ এবাৰ উৰ্বৰা হ'ব এই মৃত্যু উপত্যকা
সপোনবোৰে আকৌ এবাৰ পাহি মেলিব

গছ লতা তৰু তৃণে নতুন গীত জুৰিব
আকাশে বতাহে আকৌ এবাৰ সমস্বৰে হাঁহি উঠিব
আহ ! ধৰাশায়ী কৰ এই অচিন শত্ৰুক
ৰূদ্ধ হ'ব নিদিবি জীৱনৰ জয়যাত্ৰা
ৰঙালী তোক চিৰ স্বাগতম


📝ববিতা বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)