কবিয়ে প্ৰাচীন চিনাকী ঘাটলৈ
নিতৌ আহ যাহ কৰে
কল্পনাৰ সাগৰত ৰঙ তুলিকাৰে আঁকে
গছ নৈ ফুল তৰা ইত্যাদি
কবিয়ে শাব্দিক শিল্পৰে ভৰাই তোলে
উকাকৈ কাগজৰ পৃষ্ঠাবোৰ
য'ত ভূমিষ্ঠ হয় প্ৰসৱজাত সন্তান
আচলতে কবিতা কবিৰ প্ৰাণ
যি"কবিতাৰ বুকুত আছে বিশালতা
যি কবিতাৰ বুকুত আছে গভীৰতা
তেনেহ'লে সকলো কবিতা
কিয় নহয় চিৰযুগমীয়া!
📝নেত্ৰকমল সন্দিকৈ
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ