কপৌফুল

©Admin
0
চ'তৰ তাঁতবাতিত নাই কপৌফুল
বহাগৰ গামোচাতো নাই 
নাই যি নাই ৰঘু চৌধাৰীৰ কবিতাটো নাই-
তাৰ বাবে কপৌফুলৰ কোনো হুমুনিয়াহো নাই ৷
স্বজীৱী হাবিৰ কপৌ আহি 
গাঁৱৰ তামোল গছত পৰজীৱী হয়
প্লাষ্টিকৰ টাবত মহানগৰীৰ বেলকনি শুৱায় ৷
আহে বিহু বহাগত নগৰৰ মঞ্চত
যায় বিহু জেঠত হেঙাৰ দিয়া বাটত ৷
ওৰে ৰাতি বিহু চলে
জোনাক ৰাতি হেন দামী ষ্টেজত-
জনপ্ৰিয় শিল্পীৰ কণ্ঠত
তীব্ৰ লাউড স্পীকাৰত ৷
বিহু সম্ৰাজ্ঞীৰ লাখটকীয়া চেক্ হাতত
ওখকৈ ৰাণিং শ্বীল্ড কাষত 
ডিঙিত মেডেল আৰু শিৰত মুকুট 
কেমেৰামেনৰ তিৰ্-বিৰ্ লাইট সন্মুখত- 
খোপাত তেতিয়া কপৌফুল 
মৰি যাওঁ মৰি যাওঁ লাজত ৷
ফ্লাই অ'ভাৰৰ গাড়ীত বহি
টীণ-এজাৰ কন্যাক মাকে সোধে 
ড্ৰাইভাৰৰ হাতৰ বিহু সংখ্যা আলোচনীৰ
বেটুপাত দেখুৱাই- এইবোৰ কি ফুল জান' ?
অৰ্কিড ! কন্যাৰ হৰ্ষোল্লাস কণ্ঠ ৷
দামী গাড়ীৰ গ্লাছ ভাঙি ধুমুহা হৈ যাব খোজে 
বেটুপাতৰ কপৌফুল- 
হাবি বিচাৰি, তামোল গছ বিচাৰি
জেং বিহু বিচাৰি জেং ৰাইমুখলৈ ৷
টোপনি খতিৰ ডেকা ড্ৰাইভাৰে
টোপনি ভঙাৰ আশাৰে
গাড়ীৰ টেপ বজাই দিয়ে-
উৰি আহে সবিতা চৌধুৰী বৰদৈচিলা হৈ
'কপৌ পাহি তোমাৰ লাহী দেহৰ পৰশ দিয়া' ৷
ডেকা ড্ৰাইভাৰৰ চকুত হাঁহি
চেনাইৰ খোপালৈ মনত পৰি....৷

📝কবি : ৰবেন্দ্ৰ কুমাৰ দাস
ঠিকনা : শিৱম পথ, ঘোঁৰামাৰা
ভেটাপাৰা, বেলতলা, গুৱাহাটী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)