মিৰ্জাৰ শ্রীশ্রী নিৰ্জেশ্বৰী থান-০২

Rinku Rajowar
0
কিংবদন্তী অনুসৰি দক্ষজীয়ৰী সতীয়ে যেতিয়া স্বামী নিন্দা সহ্য কৰিব নোৱাৰি যজ্ঞস্থলীতে দেহ ত্যাগ কৰিছিল তাৰ পাছত দেবাদিদেব মহাদেবে পত্নী সতীৰ দেহ কান্ধত লৈ পৃথিৱী ভ্ৰমী ফুৰিছিল | গতি বিষম দেখি চক্ৰপাণি নাৰায়ণে তেখেতৰ হাতৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড খণ্ডকৈ কাটি পেলাইছিল | সতীৰ অংগ সমূহ যি যি ঠাইত পৰিছিল তাতেই একোখনকৈ তীৰ্থ অথবা মন্দিৰ গঢ়ি উঠিছিল  | ঠিক তেনেকৈয়ে এই ঠাইতে সতী দেহৰ নাকৰ অংশ পৰিছিল আৰু ইয়াতো এটা মন্দিৰ গঢ়ি উঠিছিল | মন্দিৰৰ নাম ৰাখিছিল নাক কাটি অথবা নিৰ্দেশ্বৰী |
  ধৰ্ম আৰু আধ্যাত্মিকতাই হৈছে সামাজিক আৰু সাংস্কৃতিক শৃংখলা বদ্ধতাৰ এটা অন্যতম কাৰণ | যিয়ে সমাজত নৈতিকতাৰ শিক্ষা প্ৰদান কৰে | দুৰ্বলতাক নেওচি মন আৰু চিত্তৰে কৰা উপাসনাকে মূল্যায়ণ কৰে | আমি এই জগতৰ ভৌতিক বস্তুত ধনী হ'বলৈ চেষ্টা কৰাৰ পৰিবৰ্তে আত্ম সন্তুস্তি গুণ বিকশিত কৰিবলৈ আধ্যাত্মিক সুৰক্ষা বজাই ৰখাটো অতি জৰুৰী | সমাজত কিছুমান দুষ্ট চক্ৰৰ প্ৰৰোচনা তথা কু-কৰ্মত ধাৰ্মিক অনুষ্ঠাণ সমূহ ব্যৱসায়লৈ ৰূপান্তৰ হৈছে আৰু বহুতো অন্ধবিশ্বাসৰ বলি হৈছে | আমি সমাজখন দায়বদ্ধ হোৱাটো অত্যন্তই প্ৰয়োজন আৰু মিছা ধৰ্মই যাতে নৈতিকতাক বিকৃত কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব লাগিব |  আগলৈ -----

📝হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)