ৰঙালী বিহুৰ ৰং

Rinku Rajowar
0
ৰঙালী বুলিলেনো কি ৰং ?

বৰদৈচিলাই এৰি যোৱা ধূলিময় ৰং

নে বসন্তই অনা কোনো অজান দেশৰ গোলাপী ৰং

 

ৰঙালী বুলিলেনো কি ৰং?

জয়মতীৰ শৰীৰত চাবুকৰ আঘাতে বোৱাই দিয়া তেজৰ ৰঙা ৰং

নে নগা পাহাৰৰ ডালিমীৰ গালৰ হালধীয়া ৰং,

শংকৰৰ শুভ্ৰ ৰং

নে আজান পীৰে ছটিয়াই যোৱা সেউজ ৰং?

 

থাকে জানো ঐক্যতাৰ মাথোঁ এটি ৰং!

 

বিহু বুলিলে

আগৰাৱালা-ৰাভাৰ আভা

নে হেমাঙ্গ বিশ্বাসৰ প্ৰভাৰ ৰং

 

ৰঙালী বুলিলেনো কি ৰং

কি ৰঙে মুহিছিল বাৰু মইমত আৰুচেনীমাইক?

বিলাতী বাবুৰ গালত নিৰ্ভয়ে সানিছিলগৈ

অসমীয়া-অসমীয়া ৰঙৰ ফাকু,

 

বিহু আমাৰ

আমাৰ পৰিচয় বিহু

 

তাহানিৰ সাধু এয়া।

কঙালীৰ দুখীয়া কৃষকে ভোগালীত হৰ্ষ কৰিছিল

নতুন ৰঙেৰে হেনো ৰঙালীৰ বীজ সিঁচিছিল,

সৰগৰ কোনোবা জলখাৰে নামি অহা এচাম মানুহে

গছৰ তলৰপৰা বুটলি নি এই ৰঙক নিজস্ব ঠিকনা দিছিল,

শিৱসাগৰত ৰঙৰ নিজা ঘৰ

সেয়েহে সেই ঠিকনাৰ নাম ৰংঘৰ।

 

বৰ-বৰ মানুহে ৰঙত হেনো চেকা দেখিছিল,

তেখেতলোকে কৈছিল

ৰঙালীৰ প্ৰেম হেনো অশ্লীল!

 

প্ৰেম মহৎ কৰ্ম

প্ৰেমেৰেই আমি জিনিম জগত,

এই ভাৱনাৰেই অসমীয়া মহান,

প্ৰেমেৰেই ৰাখিম জীয়াই আমাৰ স্বাভিমান।

 

লাহে-লাহে

ৰঙালীয়ে পাইছিল মঞ্চত স্থান,

সময় আছিল কুৰি শতিকাৰ তৃতীয় দশক,

সেয়া আছিল ৰাধাগোবিন্দৰ অৱদান।

 

ৰঙালী বুলিলেনো কি ৰং?

ৰজনীকান্তই বুলিলে ‘বাপতিসাহোন’

লীলা গগৈয়ে দিলে স্বকীয় সন্মান

 

ৰঙালী বুলিলেনো কি ৰং?

কোন ৰাম - কোন ৰহিম চিনিব  নোৱাৰি তেনে ঢং।

ৰঙালী বুলিলেনো কি ৰং?

 

ৰঙালী বুলিলে চেনেহীৰ গামোচাৰ ৰং

ৰঙালী বুলিলে আই-বোপাইৰ হাঁহিৰ ৰং

ৰঙালী বুলিলে ভাতৃত্ববোধৰ ৰং

ৰঙালী বুলিলে কৃষকৰ উল্লাসৰ ৰং

নতুন কৰ্মোদ্যমৰ ৰং

জাতীয় স্বাভিমানৰ ৰং

আপুৰুগীয়া সংস্কৃতিৰ ৰং

‘বসুধৈৱ কুটুম্বকম’ৰ ৰং

ৰঙালী বুলিলে অসমীৰ আকাশৰ

চিৰযুগমীয়া ৰামধেনুৰ ৰং...!

📝নিয়ৰ প্ৰভাত কলিতা,
 স্নাতক মহলা,দ্বিতীয় ষাণ্মাসিক,পদাৰ্থবিজ্ঞান বিভাগ,পূৱ কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি



         

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)