উৰুৱাই নিছে তাইৰ দীঘল চুলিকোচা। পিন্ধনত এযোৰ পাতল গুলপীয়া ৰঙৰ চুৰিদাৰ। চকুত কাজল, ওঁঠত পাতল লিপষ্টিক। বতাহত উৰি যোৱা চুলিকোচাই যেন তাইক বাৰে বাৰে আমনি কৰিছে। এফালে চুলি, আনফালে দোপাত্তা। আৰু লগতে বতাহৰ স্পীড যেন বাঢ়িছে। ফাগুনৰ শুকান মৰহি সৰি পৰা পাতবোৰৰ লগত পায়েলৰ জুনুক জুনুক শব্দই এক বেলেগ পৰিৱেশৰ সৃষ্টি কৰিছে।
ইমানবোৰ ছোৱালীৰ মাজত ৰীতে আজি এই ছোৱালীজনীৰ পৰা চকু নমাৱই পৰা নাই। আচলতে, সচাঁকৈয়ে ছোৱালীজনী কিবা এটা ধুনীয়া। একেবাৰে simple ছোৱালীজনী। নাজানো, but তাৰ কিবা এটা ভাল লাগি গ'ল।
ৰীতে ভাৱি থাকোঁতে তাই তাৰ মুখৰ আগেয়ে পাৰ হৈ গ'ল।
ঐ ৰীত কি হ'ল... তই ভেবা লাগিলি যে। ঐ ৰীত ৰীত
আকাশৰ মাতত ৰীতে বাস্তৱলৈ ঘূৰি আহিল। সি ইমানেই গভীৰভাৱে তাইক চাইছিল যে তাৰ মুখৰ আগেয়ে তাই পাৰ হৈ গ'ল, তাৰ পিছতো সি কিবা গমকে নাপালে, চাইয়ে থাকিল। কিন্তু, ৰীতৰ নিজৰ ওপৰতে খং উঠিল। কাৰণ ইমানকে চাই থকাৰ পিছতো তাই কোনফালে গ'ল সি ধৰিবই নোৱাৰিলে। এনেকুৱা পাগলামী তাৰ লগত কেতিয়াও নাই হোৱা। আজি যে কি হ'ল....তথাপিও সি ইফালে সিফালে চালে। দেখিলে, ছোৱালীজনী নাই। ক'ত যে গ'ল।
📝অনুশ্ৰী গোহাঞিবৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ