বহাগ

Rinku Rajowar
0
উতলা ফাগুণে লঠঙা কৰা
বিৰিখে পিন্ধিলে ন-সাজ 
পদূলি মুখৰ তগৰ জোপাৰ সুবাস
চৌদিশে বিয়পি পৰিছে
বতাহৰ ছেৱে ছেৱে 
গছ পাতৰ মৃদু নাচোন
ওখ বিৰিখ জোপাৰ পৰা
ভৰ দুপৰীয়া কুলিৰ উৰুঙা মাতে
দিয়েহি বহাগৰ আগলি বতৰা।

আকাশ মেঘাচ্ছন্ন হৈ পৰে
বৰ্ষাৰ স্পৰ্শত উৰ্বৰা পথাৰত
ন-পানীৰ ঢল নামে
ধৰাৰ বুকু ফল-ফুলেৰে 
নদল-বদন হৈ পৰে।

চেনেহৰ বহাগত
কপৌফুলৰ স্নিগ্ধ শোভাই
নাচনী গাভৰুৰ খোপাত জুই জ্বলাই
মন ৰাই-জাই কৰে নাচোনত ।

বৰতলৰ চাপৰিত
ঢোল-পেপাঁৰ বিননি ভাঁহি আহে
অন্তৰৰ ভাৱনাবোৰ সুৱদি সুৰীয়া গীত হৈ 
ওলাই আহিব খোজে
বহাগৰ ৰাতিবোৰ পাৰ হৈ উজাগৰত ।

   📝  নবীন কুৰ্মি 
সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)