তুলসীৰ তলে তলে

©Admin
0
ভোগৰ জুহাল সামৰি সুতৰি
  আনন্দতে এপাক নাচি
  মনটো ৰঙীণ কৰি
  নাঙলৰ মামৰ নিৰাই লৈ
  পথাৰ যাত্ৰাৰ বাবে
  সাজু হ'বৰ হ'ল ৷

  জেঠৰ দৈ কাপ
  আজি মহঙা হ'ল
  মনোহৰৰ দেহাৰ বলো পৰিল

  জানকীৰ সীৰলুত
  সীতা জন্মিব
  কাতিলৈ ৰামে
  তুলসীৰ তলত 
  মৃগপহু বিচাৰি
  হৰধনু ভাঙিব
  ৰাৱণৰ মামা পলাই সাৰিব

  তেতিয়াহে মনোহৰে
  পুহৰ গা সেকিবলৈ
  আকৌ এটা ডাঙৰকৈ
  মেজি সাজিব  ||

  📝হেমেন হাজৰিকা
         মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)