ৰুণজুন- (খণ্ড-৬)

©Admin
0
লাহ-বিলাহৰ মাজত ডাঙৰ হোৱা, কোনােদিনে অভাৱ অনুভৱ নকৰা ৰুণজুনে এতিয়াৰ পৰা যেন  সমস্যাক জয় কৰিবলৈ প্ৰত্যাহবান লৈছে ।  তাইৰ জীৱন যুঁজত যুঁজিবলৈ  কােনাে  চাহাৰা নােপােৱা যেন অুনভৱ কৰিবলৈ ধৰিলে ।
এখন ডাঙৰ জীৱন -যুঁজত নামিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব , এই যুঁজত ৰিহণে প্ৰত্যক্ষভাৱে অংশ  গ্ৰহণ  কৰিবই লাগিব । বহুত চিন্তাই মনতাে জুমুৰি দি থাকিল, ৰুণজুনক । জী-ৱ-ন-ৰ আ-শা-বাে-ৰ  চ-কু-পা-নী হবলৈ দিব নােৱাৰি । বহুত ধৈৰ্য্যৰে আগবাঢ়িব লাগিব এই সমুখ- সমৰৰ পৰা ।
ৰুণজুনে পঢ়াত মন দিব পৰা নাই, বাৰে বাৰে ৰিহণৰ কথা আৰু ঘৰৰ কথাবােৰে মনতাে আগুৰি ধৰে । মনতাে গধুৰ হৈ আহিল । বহুত চেষ্টা কৰি মনতাে দমাব বিছাৰিলে তথাপিও দমাব পৰা নাই ।
এনেতে পৰীক্ষাৰ দিনাে ওচৰ চাপি আহিল । পৰীক্ষা আহিল অহা ৭ এপ্ৰিলৰ   পৰা । বহু দােমােজাৰ মাজেৰে পৰীক্ষা দিলে । লাহে লাহে ঘৰলৈ যোৱাৰ কথা ভাবিবলৈ  ল'লে । এনেতে ৰুমলৈ পল্লৱী সোমাই আহিল আৰু সুধিলে ,"কি কৰিছা" ?
 ৰুণ: মন ভাল নহয় । পল্লৱী : কিয় ?
তাই গোটেই ঘৰৰ কথাবােৰ জনাব বিচৰা নাই। 
ৰুণে ক'লে, " নাই সকলােকে এৰি যােৱাৰ বাবে বেয়া লাগিছে" । পল্লবীয়ে - অ'। 
এটা কথা ৰুণজুন আমি সকলােৱে  ক্লাচৰ লগৰ বােৰে জয়পুৰ ফুৰিবলৈ যাম । যাৱা নেকি ?
ৰুণে ক'লে যাম, কিন্তু লগত মই ৰিহণক লৈ যাম । একাে নহয় ওলাবা । কি আছে।
    পূৰা এখন বাছত সকলাে উঠিল , মনতাে ভালেই লাগিছে । জয়পুৰলৈ গৈ আছে তেওঁলােকৰ বাচ, পৰীক্ষা শেষৰ Journey  সকলােৱে মুকলি মনেৰে হাঁহি ফুৰ্ত্তি কৰিছে । বাটতে  বৰ ধুনীয়া ধাবা এখনত সকলােৱে ব্ৰেকফাষ্ট কৰিলে - কিছুমানে ফলমূল আদিও কিনি ল'লে বাটত খাবলৈ । ৰিহণে চিপচৰ পেকেট কেইটামান কিনি আনিলে , পাছত সকলােকে বিলাই দিলাে । ভালেই লাগিল । আহি আহি জয়পূৰ চিটি পালােহি ।  তাতে ভাল ৰেষ্টুৰেণ্ট এখনত  ভাত খােৱাই ভাত আৰু ৰুটি খােৱাই ৰুটি খালে ।
ৰুণে ভেজ দিচ খাই বৰ ভাল পালে । তাৰ ভেজ 
দিচত বহুত  আইটেম দিয়ে । তেওঁলােকে জয়পুৰ  ইউনিভাৰচিটিৰ ওচৰে পাজৰে আৰু চিটিৰ কিছুমান  ঠাই , মথ-মন্দিৰ দৰ্শন  কৰিলে । ৰাতি জয়পুৰ নিউ লজত থাকিল । সকলােৱে নিজৰ নিজৰ কোঠাবােৰ অধিকাৰ কৰি ল'লে । গধূলি সকলােৱে ভাগে ভাগে ওলাই গ'ল আৰু কােনোৱাই চপিং ও কৰিলে। ৰাজস্থানী ঘাগৰা এজােৰ ৰিহণে কিনি আনি ৰুণক দিলে, আৰু ক'লে,   "পিন্ধা " ।  
 গাঢ় ৰঙা ৰঙৰ বহুত ৰাজস্থানী কাজ কৰা আৰু লগতে চুমকি আদিও লগােৱা আছে । তাই ৰিহণৰ কথামতেই পিন্ধি আহিল আহি ৰিহণৰ ৰুম পালেগৈ।  
ৰিহণ : তােমাক ৰাজস্থানী যেনেই লাগিছে । মাত্ৰ সিহঁতৰ খাৰু -মণিহে হাতত নাই । তথাপিও ভাল লাগিছে ।
ৰুণ : সচাঁকৈনে । ইমান  ভাল লাগিছেনে ?
ৰিহণ : কিমান ভাল লাগিছে  মই কৈ আছাে - বুলি কৈ 
ৰুণক সাৱতি ধৰিলে আৰু চুমাৰে 
উপচাই পেলালে ।
ৰুণ অকণাে  প্ৰস্তুত নাছিল , কিন্তু বেয়া পোৱা নাছিল । 
দুয়াে বহি বহুত মনৰ কথা পাতিলে । এতিয়া ৰিহণৰ আৰু বেলেগ কথা ভাবি উভতি চােৱা যেন সময় নাই । ৰুণক আৰু গাৰ কাষলৈ টানি আনিলে আৰু তেনেকৈয়ে বিচনাত পৰি থাকিল  আৰু  এটা সময়ত ৰিহণ আৰু ৰুণৰ শৰীৰ এক হৈ গ'ল ।  ৰুণৰ অজান মন যেন পুলকিত হৈ  উঠিল । 

কােনেও একাে কথা কোৱা নাছিল ।  মাত্ৰ দুয়ােৱে অনুভৱ হে কৰিলে । ৰুণৰ অজানিতে ভয়,শংকা আৰু ভাল সংমিশ্ৰিত মনেৰে কিছু সময় কথা নােকােৱাকৈ থাকিল ।
ৰিহণ : ৰুণ, বেয়া পালা?
ৰুণে একাে নকলে, মাথাে তাৰ মুখলৈহে চালে ।
ৰিহণৰ আৰু মৰম লাগিল ৰুণলৈ,  আৰু ওচৰ চাপি আহি আবেগেৰে পুনৰ সাৱতি ধৰিলে ।
ৰুণৰ লাজ লাগিছিল ৰিহণৰ ফালে চাবলৈ  আৰু বৰকৈ কথা কোৱা নাছিল ।
তাৰ কিছু সময়ৰ পিছত ৰিহণে ক'লে , " তুমি ডীনাৰ
মােৰ ৰুমতে কৰি যোৱা মই তাৰ পিছত তােমাক ৰুমত থৈ আহিম"। ৰুণে একাে নামাতিলে - মাথাে হ'ব বুলি কৈ থলে ।  
দুয়াে ডীনাৰ কৰিলে । ৰিহণে বহুত আইটেম অৰ্ডাৰ কৰিছিল  আৰু ভালদৰে  ডীনাৰ কৰি ৰুণক তাইৰ ৰুমৰ ওচৰলৈ গৈ থৈ আহিল । তাই আৰু পল্লৱীৰ কাৰণে ৰুমতাে বুক কৰিছিল ।  
পল্লৱী : ৰুণ তুমি ডীনাৰ কৰিবলৈ নােযোৱা ?
ৰুণ : নাই নাযাও । ৰিহণৰ লগত কৰি আহিলাে ।
পল্লৱী :  ঠিক আছে তেন্তে মই বাকী ছােৱালী বিলাকৰ লগত  ডীনাৰ কৰি আহাে।
ৰুণ : অঁ  হ'ব দিয়া ।
## পিছদিনা তেওঁলােকে পুৱাৰ ভাগতে দিল্লীলৈ বুলি ৰাওণা হ'ল ।
সকলােৱে ৰং তামাচা কৰি আহি আছিল । পল্লৱীয়ে  অ'...... নয়না,ৰুবী আমাৰ মাজৰ ৰুণজুনে কিন্তু আমাক পাৰ্টি দিব পৰা হৈ আছে দেই , বুলি কৈ তাই 
গল- খেকাৰি এটা মাৰিলে । 
তেতিয়া ৰিহণে ৰুণৰ গাত মনে মনে সৰু চিকুট এটা মাৰিলে । ৰুণে তালৈ চালে আৰু মনে মনে থাকিলে । 
ইতিমধ্যে কােনােবাই গাড়ী ৰখাবলৈ ক'লেই -এখন ধুনীয়া ধাবাৰ আগত ।

লগৰ কেইজনীমানে আহ আহ চব নামি আহ আজি ৰুণে পাৰ্টি দিব, চবেই খাই ল । ৰুণে ৰিহণক ক'লে,"উপায় নাই কিবা এটা খুৱাবই লাগিব"। আৰু নয়না হতক ক'লে, হ'ব খাওক সকলােৱে । খােৱাৰ পিছত তাই  বিলতাে দিলে । লগৰবােৰে ধন্যবাদ জনালে ।  পুনৰ বাচত উঠিল আৰু আহি আহি কেতিয়া দিল্লী পালেহি কবই নােৱাৰিলে ।
সেইদিনা   আবেলিতে সকলােৱে নিজৰ নিজৰ স্থান পালেগৈ । যাৱৰ সময়ত ৰিহণে ৰুণলৈ কৰুণ  চাৱনি এটা মাৰি হােষ্টেললৈ বুলি ৰাওণা কৰিলে ।
                    আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)