ওখ মানুহৰ কবিতা

©Admin
0


অতীতৰ পৰা ভৱিষ্যতলৈ
ক্ষোভৰ পৰা সন্তুষ্টিলৈ
ভোগৰ পৰা ত্যাগলৈ
সন্দেহৰ পৰা বিশ্বাসলৈ
অহংকাৰৰ পৰা ভৰিৰ মাটিলৈ
কান্দোনৰ পৰা হাহিঁলৈ
মোহাবিষ্টৰ পৰা নিৰপেক্ষতালৈ
মোৰ পৰা আমিলৈ
অসমতাৰ পৰা সমতালৈ
স্থূলতাৰ পৰা সূক্ষ্মতালৈ
হিংসাৰ পৰা প্ৰেমলৈ
শত্ৰুতাৰ পৰা বন্ধুত্বতালৈ
তৰাঙৰ পৰা গভীৰতালৈ
ক্ষুদ্ৰতাৰ পৰা বিশালতালৈ
বিন্দুৰ পৰা সিন্ধুলৈ
এন্ধাৰৰ পৰা পোহৰলৈ
বহুধাৰ পৰা একাত্মতালৈ
ভৌতিকতাৰ পৰা পৰমাৰ্থিকতালৈ
দুঃসাহসিক যাত্ৰাৰে পাব পাৰো
জীৱনৰ মনোৰম এভাৰেষ্ট ।

কিন্তু সাগৰে বিচৰা বিশালতাৰ বাবে
খুন্দিয়াবলে পাৰত শৈলস্তৰ বিচৰা নাই

কেৱল সপোন দেখিছো
ভাগ্যক হাতৰ মুঠিত লৈ
বাধাহীন ভাবে ওখ মানুহ হোৱাৰ ।

 📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)