সমৰ প্ৰস্তুতি

Rinku Rajowar
0
শৰবিদ্ধ কলিজাটো
আজিও চটফটাই আছে ।

ব্যাধৰ বুকুত
তৃপ্ততাৰ হৰিষ ।

সমস্ত শৰীৰত 
ব্যাধৰেই ক'লা বৰণ 
আৰু প্ৰতিবিম্বিত 
সমস্ত ৰক্তবিন্দুত ।

সকলোৰে দৃষ্টিপাতত
বৰ্তমান অদৃশ্যমান 
স্বতন্ত্র বৰণ ।

ক'লা চশমাৰ বিৰুদ্ধে
এতিয়া সমৰ প্ৰস্তুতি ।

হাতৰ মুঠিত আশা
যুদ্ধৰ শেহত
ক'লা বৰণবোৰ
এদিন শুভ্ৰ হ'ব ।

সকলো ক'লা চশমা
এদিন খহি পৰিব ।

সদৃশ বুলি ফেভিকল সনা 
অদৃক ধাৰণাবোৰৰ
হয়তো মৃত্যু হ'ব !

সময় একেই থাকে
পৰিস্থিতি সলনি হয় ।

📝 সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)