বগেজাৰী এক অনুপম লোককৃষ্টি- ০৬

Rinku Rajowar
0
গীতৰ সুৰ----বগেজাৰীৰৰ গুৰি গীতবোৰ তলৰ পৰা ওপৰলৈ আৰু ওপৰৰ পৰা তললৈ গোৱা হয়  | বগেজাৰী গীতৰ চাহিনি গীতবোৰ গুৰি  গীতৰ সুৰৰ সম্বন্ধ ৰাখি গোৱা হয় | কেতিয়াবা ওপৰৰ পৰা কেতিয়াবা তলৰ পৰা | বহুৰঙী গীতবোৰ অলপ ওপৰৰ পৰা গোৱা দেখা যায় আৰু গীতৰ শেষৰ শাৰীটো ঘুৰি আহি আকৌ এবাৰ গোৱা হয়  | বগেজাৰী গীতবোৰবহুৰঙী সুৰত গাব পৰা যায় | বহুৰঙী গীতবোৰ বগেজাৰী সুৰত গাব পৰা নাযায় | কিছুমান গীত গোৱা হয় যদিও কঠিনতাৰ সন্মুখিন হোৱা দেখা যায়  | বগেজাৰী গীতবোৰ বহুৰঙী সুৰত গাবলৈ সহজ হোৱা বাবে প্ৰায় ১৯ শ শতিকাৰ আঠ দশকৰ পাছৰ পৰা সকলোবোৰ বগেজাৰী গীত বহুৰঙী সুৰীয়া হ'বলৈ ধাৱবান হৈছিল যাৰ পৰিপ্ৰেক্ষিতত বগেজাৰী গীত আৰু নৃত্য বহুৰঙীত পৰিনত হৈছিল  |
নৃত্য----বগেজাৰী মুদ্ৰাৰ জৰিয়তে নৃত্য কৰা হয় | বহুৰঙী মুদ্ৰাৰ জৰয়তে নৃত্যকৰা হয় যদিও গানৰ কথাৰ অংগী--ভংগীৰেও নৃত্য কৰা দেখিবলৈ পোৱা যায়  | বগেজাৰী গীতত হালি-জালি ,কঁকাল হেলাই নাচে | বহুৰঙী গীতত সেইদৰে কঁকাল নেহেলাই ঠিয় কঁকালে নাচে | বগেজাৰী নৃত্যত কিছু মুদ্ৰাৰ নামকৰণ কৰা হৈছে ---মাদলৰ তালক আলম লৈ এক তালৰ ,দুই তালৰ , তিনি তালৰ ,চাৰি তালৰ ,পাঁচ তালৰ হালি--জালি , নিছিলা , জাংখা , বেং ,বক মুদ্ৰা আদি  |
বাদ্য যন্ত্ৰ ---- বগেজাৰী আৰু বহুৰঙীৰ বাদ্যযন্ত্ৰ সকলোবোৰ একেই | মাদল ডুগুৰী , শিঙা ,থৰকা , খুঁটিতাল , বাদুংদুপ্পা ,বাঁহী  | বগেজাৰীত লহি তালত মাদল ডুগুৰী বজোৱা হয় এনেদৰে --মাদল----ঘ্ৰিম চাং ঘ্ৰিম চাং
ডুগুৰী---টুকুৰ টুকুৰ টুকুৰ টাক  |
খৰ তালতঃ
মাদল--- ঘ্ৰিম চাং ঘ্ৰিম ঘ্ৰিম চাং
ধাক্কাত বজায় ---টাক টাক টাক
ডুগুৰী--- টুকুৰ টুকুৰ টাক টাক টুকুৰ টাক
মাদল---ডুগুৰী তালক লৈ এটি গীত পোৱা যায়----
ডুগুৰী বোলে টুকুৰ টুকুৰ
মাগল বোলে চাং
চাওঁ অই ৰাইজসকল
আমি নাচি যাং  |

   📝হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)