বেবেৰিবাং

©Admin
0
 
শহুৰৰ ঘৰত থকা
খুলখালিৰ পিঠিত ঢকা,
গৰম ছিটত দিহা
খৰ থকা টিকা 
মজাই বেলেগ ।

মদৰ গিলাচৰ শেষ ঢুকা
চিগাৰেটৰ শেষ হোপা
ডাক টিকটত লগাই জিভা
খামৰ পিঠিত আঙুলিৰ তিপা
মজাই বেলেগ ।

ভজা বাদমৰ শেষ
দৰকাৰ নাই লেখ
গাভৰুৰ আগত বীৰত্বৰ বেশ
গৰম বতৰত বৰষুণৰ মেঘ
মজাই বেলেগ ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)