এনে পৰিৱৰ্তনে ক্ষতি কৰিব নেকি (খণ্ড-০১)

©Admin
0

পৰিবৰ্তন সকলোৱে বিচাৰে | যদি ই ভালৰ বাবে হয় | আমাৰ আদিম পুৰুষ সকল ক'ত কেনেকৈ আছিল , কি খাইছিল , কি পিন্ধিছিল , কেনে সামাজিক ব্যৱস্থাত ডাঙৰ দীঘল হৈছিল সেয়া আজিৰ দিনটোত আমি সকলোৱে জানো | সেই অৱস্থাৰ উন্নতি ঘটি মগজুৰ বিকাশ হৈ আহি আহি আমি আজিৰ অৱস্থাত উপনীত হৈছোহি  |
      পৃথিৱীত বসবাস কৰা জীৱিত প্রাণী সমূহৰ ভিতৰত মানুহেই একমাত্ৰ প্ৰাণী যাৰ মগজুৱে একে ঠাইতে চিন্তা সীমিত কৰিব নোৱাৰে | প্রতি পলে পলে ইয়াৰ পৰিবৰ্তন বিচাৰে | আজি ইটো কালিলৈ সিটো | মুঠতে একে ঠাইতে ৰৈ থাকিব নোৱাৰে  | এয়া মানৱৰ প্রকৃতিগত স্বভাৱ | তাৰ কাৰণেই মানুহ অন্য ইতৰ প্রাণী সমূহতকৈ পৃথক | 
     পুৰাত্বাতিক সমল , খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ হোৱা পুৰণি ৰজা সকলৰ উদ্ধাৰ হোৱা সমল সমূহৰ পৰা বুজা যায় যে আমাৰ পূৰ্বজ সকলে লিখা বা খোদিত কৰা কাৰ্য সমূহ যাতে হেৰাই নাযায় তেওঁলোকৰ চিন্তাৰ ফচল সমূহ উত্তৰ পুৰুষ সকলে যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা স্বৰূপে কথা সমূহ শিলত , অথবা তামৰ ফলিত খোদিত কৰাই থৈ গৈছিল | যি সমূহ আমি শিলালিপি আৰু তাম্ৰলিপি বুলি আজিৰ তাৰিখত আমি গৌৰৱ কৰিব পাৰো | হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কাৰ্যত উদ্ধাৰ হোৱা সম্পদ সমূহো তাৰেই উদাহৰণ | তাৰমানে আমাৰ অগ্ৰজ সকলে শিল বা তামতে লিখিবলৈ শিকিছিল |
               আগলৈ
  
📝হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)