বৰষুণ আহি জীপাল
মোৰ কেছা মৰমৰ
সপোন বোৰ ।
বৰষুণ আহি কৰিল
মোৰ ধুলি বালিৰে আৱৰা
হিদয় খন ছাফা ।
চিপ চিপ বৰষুণত
কোমল মিঠা বতাহে
দেহ মন ভিজাই নিলে ।
অজানিতে আহা বৰষুণে
ভঙা হিয়া জোৰাই
জীৱনৰ বাট দেখুৱালে ।
বৰষুণ আহি
জীপাল কৰিল
মোৰ মধুৰ সপোন ।
মৰুভূমিৰ দৰে শুকাই
ফাটী যোৱা হিদয়
জোৰাই গভীৰ জীৱন হয় ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি , চিচিবৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ