মই এজন চাহশ্ৰমিক

©Admin
0

সজাওঁ মই সেউজী চাহনি

দেহৰ তেজ পানী কৰি

দুমুঠি দুবেলাৰ বাবে

আহিছিলো অসম দেশত ৷


ওখোৰা মোখোৰা সমান কৰি

পাতিলো সুন্দৰ চাহৰ বাগান

আজি মই দুখত আছো

খাইছোঁ নে ভোকত আছো ৷


সুধোতা নাই যে কোনো

চাহ বাগানৰ চাহশ্ৰমিক মই

মোৰ জীৱন বৰ কষ্টকৰ

হ'লেও সহ্য কৰি ৷


ৰ'দে বৰষুণে কাম কৰি

অসমক কৰিছো চহকী

নালাগে নজ্বলে যদি নজ্বলক 

মোৰ ভংগা  পঁজাৰ চৌকা ৷


বৰষুণ পৰে যদি পৰক

মোৰ ঘৰৰ চালখন যে ফটা

আজি মই নিৰক্ষৰ

এদিন হব মোৰ সন্তান স্বাক্ষৰ 

তেতিয়া জিনি লম জগতখনি

উপভোগ কৰিম

 জীৱন  ময়ো বিলাসিতাৰ ৷৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)