ভয় লাগিছে

©Admin
0
মোৰ ভয় লাগিছে
তুমি যদি আকৌ
এবাৰ সোঁশৰীৰে আহাঁ !

উত্তৰ পুৰুষ সকলক
তুমি দি যোৱা বৈকুণ্ঠৰ
সোণোৱালী শইচৰ
পথাৰখনত এতিয়া
বেহেস্তৰ কাকতি ফৰিং 
তোমাতকৈয়ো সি
এতিয়া ওখ ডাঙৰ 
তুমি চাগৈ গম পোৱা নাই !

তুমি যদি আজি
জীয়াই থাকিলা হেতেন
তোমাৰ পঢ়াশলীয়া 
যোগ্যতাৰে পিছে আজি 
পিয়নৰ চাকৰি এটাও নাপাবা 
পিছে তোমাৰ শইচ
গৱেষণা কৰি কৰি
বহুজন আজি হেনো ডক্টৰেট 
লাখ টকাৰো অধিক 
তেওঁলোকৰ বেতন-
তুমি হয়তো নাজানা !

তোমাৰ শইচবিলাকত
কাকতি ফৰিঙৰ আক্ৰমণ
তেওঁলোকে দেখিও
নেদেখাৰ ভাও জুৰে ।
তোমাৰ বাবে তেওঁলোকৰ
কোনো দ্বায়িত্ব নাই 
ভোগহে তেওঁলোকৰ 
আচল কথা 
তুমি হয়তো নাজানা !

তোমাৰ শইচবোৰ কি
পোহাৰৰ বাবে দি গৈছিলা !
কি 'ক' আছিল
আজি কি 'ক' হ'লগৈ !
তোমাৰ পথাৰখন দেখিলে
তুমি আজি মস্তিষ্কৰ
ভাৰসাম্য হয়তো 
হেৰুৱাই পেলাবা !

সেয়ে তুমি সশৰীৰে 
অসমলৈ ভুলতো 
এবাৰো নাহিবা ।
আহিলেই যদি 
অগ্নিগড়ৰ ফালে হঠাৎ 
তোমাক পঠাব লগা হয়
তাতকৈ আৰু দুখৰ কথা
কি হ'ব পাৰে !!

গুৰুদেও  তুমি ভুলতো
এবাৰ নাহিবা 
য'তেই আছা তাতেই
কুশলে থাকা 
কাৰণ মোৰ ভয় লাগিছে ।

📝সৌৰভ কুমাৰ বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)