নতুন প্ৰজন্ম

©Admin
0

শিল ভাঙিলেহে
সাজিব পাৰি প্ৰস্তৰ প্ৰতিমা

আমিবোৰ নতুন প্ৰজন্ম 
নিয়ম ভাঙিবও লাগিব 
সেই নিয়মেৰে গঢ়িব লাগিব 
সভ্যতাৰ সেউজ স্বপ্নাবাস

নতুনৰ মাজতেই জিলিকাব লাগিব
পুৰণি কমাৰৰ হাত
আজোককাৰ সংস্কৃতিৰ জখলাৰে বগাই গৈ
সাজিব লাগিব 
মাটি আৰু মৰমৰ উন্নতিৰ নিচান

নতুন প্ৰজন্ম আমি 
যুগৰ খনিকৰ 
ভাঙিবও লাগিব
গঢ়িবও লাগিব

নতুনৰ মাজতেই পুৰণি সমলেৰে
ৰচিব লাগিব কেঁচাগোন্ধসিক্ত জিকাফুলীয়া সপোন।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)