এনেদৰে কৈ কৈ কান্দিবলৈ ধৰিলে ৷ সৌৰভৰ মাকে গাত লোৱা গামোছাখনেৰে চকুপানী মচি দি
কান্দোনৰ সুৰত " নাকান্দিব এদিন সকলো ঠিক হৈ যাব যিদিনাখন আমাৰ ল'ৰা পঢ়িশুনি ডাঙৰ অফিচাৰ হব সিদিনা আমাৰ দুখৰ অন্ত পৰিব
নাকান্দিব ৷ সৌৰভৰো দুগালেদি চকুলো নিগৰিল
কোমল অন্তৰৰ গৰাকী সৌৰভে কান্দোনৰ নেপথ্যত " দেউতা দুখ নকৰিব মই আপোনাক সকলো কামতে সহায় কৰিম আৰু মনপুতিও পঢ়িম যাতে আপোনাৰ কষ্ট সোনকালে দুৰ হব আপোনাৰ সপোন সাৰ্থক কৰিম এইয়া মৎ কথা দিছো " বাপেকৰ মন চুই গ'ল তাৰ কথাই মৰমতে বুকুৰ মাজত সাবটি লৈ " ময়ো তোক ভালকৈ পঢ়াম যিমান টকাপইচা লাগিব মোক বিচাৰিবা মই যোগান ধৰিম বাৰু এতিয়া কোৱাচোন আজি স্কুলত কিনো পঢ়ালে ? বাপেকে চকু পানী মচি মচি ক'লে ৷ সৌৰভে ৰংমনে ইংৰাজী কিতাপখনৰ পৃষ্ঠা লুটিয়াই " আইচক্ৰীম মেন " নামৰ পাঠটো সলসলীয়াকৈ পঢ়ি শুনালে , বাপেকে মুৰত চুমা এটা আঁকি দি ক'লে " বাঃকি সুন্দৰ ইংৰাজী পঢ়িছা মোৰ ধন এতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস আমাৰ সৌৰভে আমাৰ বাগিছাৰ নাম এদিন জিলিকাবই
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ