হে অসম বাসি ,
সপোন প্ৰাপ্তি নোহোৱালৈ
থমকি নৰবা আজি ।
শুনিছা জানিছা এক
উদাত্ত আহবান ,
জাগি উঠা অসম বাসি
ৰাখি যোৱা দেশৰ নাম ।
বিদেশী ধ্বনি
সকলোৱে শুনিছা ,
জাতিক শেষ হৈ
যাব নিদিবা ।
আজি অসম বাসি
জাগি উঠা ,
নহলে হব
বিদেশী ৰজা ।
সাৰ পোৱা জাগি উঠা
হে অসম বাসি ,
তেতিয়াহে ৰব সোনৰ আমাৰ
অসম দেশ খনি ।
📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি, চিচিবৰগাওঁ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ