বৰষুণৰ দৰে হৰে ,
দাপোনৰ দৰে ভাঙে হিয়া
তেজেৰে নৈ বৈ পৰে ।
আকাশত উৰা চৰাইৰ পাখি
ফাটি চিটি পৰে ,
হিদয়ত থকা আশা বিলাক
বতাহত উৰি ফুৰে ।
ৰাতি জিলিকা তৰা ধুনীয়া
দিনত লুকাই থাকে ,
গভীৰ সাগৰ সাতোৰিব
কোনো নোৱাৰে ।
হিদয়ত থকা সপোন বোৰে
বুকুত খুন্দিয়াই মাৰে ,
অজানিত হোৱা ভুলত ভঙা হিয়া
জুৰালেও দাগ থাকে ।
📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি , চিচিবৰগাওঁ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ