মা, মই নোৱাৰোঁ আৰু সহিব!

©Admin
0
(ভোকত কান্দি থকা এটি দেৱশিশুৰ নিজ মাতৃক প্ৰশ্ন)

মা, মই নোৱাৰোঁ আৰু সহিব!
মা, মই নোৱাৰোঁ আৰু সহিব!

মা, 
মোৰ ভোক লাগিছে,
বহুত ভোক লাগিছে।
মা,
আমি আকৌ কেতিয়া খাবলৈ পাম?
আমি ঘৰ কেতিয়া গৈ পাম?
কেতিয়া বাৰু আইতা-ককাৰ মুখনি চাবলৈ পাম?
মা,
মোৰ ভাগৰ লাগিছে, 
মোৰ বহু ভাগৰ লাগিছে
মই নোৱাৰোঁ আৰু আগুৱাই এখোজ যাব।
আজি বহু দিনৰ পৰাই আমি কেৱল গৈয়ে আছোঁ
আমি সকলোৱে গৈয়ে আছোঁ কিন্তু ....।।

মা, মই নোৱাৰোঁ আৰু সহিব!
মা, মই নোৱাৰোঁ আৰু সহিব!
 
📝জ্যোতিপ্ৰসাদ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)