খেতি

©Admin
0

জীৱন জীয়াঁবলে কৰ্ম কৰোগৈ
তুমি আৰু ম‌ই মিলি
মৰমৰ খেতিত ধৰোগৈ ।

ম‌ই হাল বাম,
কঠিয়া সিচিম মৰমৰ
তুমি চাহ দিবা,
শাৰি শাৰি কঠিয়া পাৰি দিম
মৰম তুমি ৰুই দিবা ।
 
আঁচলেৰে মুচিবা যেতিয়া 
দুধাৰে বব'  কপালৰ ঘাম ,
হা‍ঁচতিৰ তামোল খুলি দুয়ো
দাঁত ৰঙা পৰালৈ খাম ।

মৰম বোৰ সযতনে তুলিম,
যেতিয়া পোখা মেলিব
বীজ হব, বিলাই দিম 
সৌ নিষ্ঠোৰ চৰাই জাকলৈ বুলি ।

                    
📝নবীন চন্দ্ৰ কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)