নতুনৰ পোছাক পিন্ধা কণ্ঠ এটাই
প্ৰতিবাদৰ ঢৌ তুলিছে
দুৰ্নীতিৰ ক'লা চাউনিয়ে এলান্ধু পতা
ডাঠ প্ৰলেপটো সিহঁতবোৰে
নাইকিয়া কৰিব
প্ৰতিবাদৰ শব্দই ৰাজনীতি আৰু প্ৰাপ্যৰ সৰলৰেখা
চিঞৰবোৰ সিহঁতৰ
ষড়যন্ত্ৰৰ চাকনৈয়াই প্ৰদান কৰা
ৰাজনীতিৰ টোপৰ পৰিণতি
বঞ্চনাৰ চক্ৰবেহুৰে সিহঁতবোৰে কৰে গাদীৰক্ষাৰ অংক
এচামৰ ঘাম আৰু তেজেৰ নিজৰ ক্ষুধা পূৰোৱা
সিহঁতবোৰৰ লক্ষ্য এতিয়া
পৰিৱৰ্তনৰ কামনা কৰা নৱউদ্ভাসিত মগজুৰ
মুঠতে সিহঁতবোৰে মাথোঁ চিনে ভোকৰ ৰুটি আৰু
আনৰ ত্যাগৰ জখলাৰে উচ্ছতাৰ আকাশত
সফলতাৰ জয়ধ্বজা উৰুৱা সিহঁতবোৰে জানে
নাজানে ক্ষোভ আৰু শোষণৰ পৰিণতি
সেইবাবেই সিহঁতবোৰৰ প্ৰচেষ্টা
বিপৰীতকামী শব্দবোৰ প্ৰতিহত কৰাৰ।
যুগে যুগে হালধীয়াৰ স্বপ্ন বিলোৱাৰ কথা নতুন কণ্ঠটোৱে জানে
সিহঁতবোৰৰ পিতৃ-মাতৃৰ জীৱন-সপোন বন্দীত্ব কৰি থোৱা
অন্তৰৰ কোলাহলবোৰৰ শব্দও সিহঁতবোৰে শুনিছে
সেইবাবেই সিহঁতবোৰৰ চিঞৰ এতিয়া অৰ্জুনৰ লক্ষ্যভেদি বাণৰ দৰেই তীব্ৰ
দেশ আৰু মাটিৰ প্ৰেমে অন্তৰ জিনা
সিহঁতবোৰেও জানে গণতান্ত্ৰিক প্ৰতিবাদত ভাও জুৰি থকা বিকল্পৰ ইতিহাস
সেয়েহে সিহঁতৰ দুচকুত প্ৰত্যয়ৰ জিলিকনি
সিহঁতবোৰৰ কণ্ঠ আজি
অপ্ৰতিৰোদ্ধ
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ